অসম

বুঢ়াচাপৰিত উচ্ছেদৰ পূৰ্বেই অঘটন : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজনৰ কৰুণ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ জুৰীয়াৰ সমীপৱৰ্তী বুঢ়াচাপৰিৰ অভয়াৰণ্যৰ অন্তৰ্গত চৰ-চাপৰি অঞ্চলত সংঘটিত হৈছে এক হৃদয়বিদাৰক কৰুণ ঘটনা। নিজ সন্তানে অধ্যয়ন কৰি থকা বিদ্যালয়খন উচ্ছেদৰ পূৰ্বেই বিভাগীয়ভাবে ভঙা কাৰ্য প্ৰত্যক্ষ কৰি হৃদক্ৰিয়া বন্ধ হৈ এজন লোকে কৰুণ মৃত্যুক সাবটি লয়।

জানিব পৰা অনুসৰি বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম লাঠিমাৰী চৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনৰ টিনপাত ,আচবাব-যাৱতীয় নথি পত্ৰ আদি স্থানান্তৰ কৰাৰ যো-জা চলোৱাৰ সময়তে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ইমৰাদুল ইছলাম আৰু একাংশ লোকে বিদ্যালয়খন ভাঙি নিনিবলৈ বাধা প্ৰদান কৰাৰ লগতে কাতৰ অনুৰোধ জনায়।

কিন্তু শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাৰ দোহাই দি কৰ্তৃপক্ষই বিদ্যালয় খনৰ টিনপাতসমূহ খোলাৰ ব্যৱস্থা কৰে।এনে কাৰ্য প্ৰত্যক্ষ কৰি ইমৰাদুল ইছলাম থিতাতে অচেতন হৈ পৰে যদিও কিছু সময়ৰ পাছতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে।

ইফালে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তুৰাব আলীও উচ্ছেদৰ পূৰ্বেই বিদ্যালয়ৰ আচবাব পত্ৰ আতৰাই নিয়া কাৰ্য প্ৰত্যক্ষ কৰি অচেতন হৈ পৰাত ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসাৰ বাবে জুৰীয়ালৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।