অসম

সুখবৰ! তিতলি নাশ… পূজাত অসমত নিদিয়ে বৰষুণ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ৷ তিতলিৰ প্ৰভাৱত বৰষুণে শাৰদীয় আনন্দ-উছাহ ম্লান কৰিব বুলি যি আশংকা কৰা হৈছিল সেয়া নুই কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই৷

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ১৪ অক্টোবৰ অৰ্থাৎ দেওবাৰ পৰ্যন্ত ৰাজ্যৰ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ সম্ভাৱনা আছে। দেওবাৰৰ পিছতে পুনৰ বতৰ ফৰকাল হৈ পৰিব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে তিতলিৰ প্ৰভাৱত যোৱা তিনিদিন ধৰি ৰাজ্যখনৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে গুৱাহাটীকে আদি কৰি ভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত বহুতে এইবাৰ বৰষুণে পূজাৰ আনন্দ-উছাহত বিধি-পথালি দিব বুলি শংকিত হৈ পৰিছিল।

বতৰ বিজ্ঞানীসকলেও তিতলি কেবাদিনো ধৰি শক্তিশালী হৈ পৰিব বুলি অনুমান কৰিছিল। শেহতীয়াকৈ বংগোপ সাগৰত নিম্ন চাপ হ্ৰাস পোৱাৰ ফলত ক্ৰমাৎ দুৰ্বল হৈ পৰা বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে।

'পূজাৰ সময়ত ৰাজ্যৰ আকাশ ফৰকাল হৈ থাকিব। কোনো কোনো ঠাইত আকাশ ডাৱৰে ঢাকি ধৰিলেও বৰষুণ দিয়াৰ সম্ভাৱনা তেনেই কম। ৰাজ্যবাসীয়ে আনন্দ মনেৰে পূজা উপভোগ কৰিব পাৰিব। তিতলি ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই।'-এইদৰে কয় বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিষয়াই।