অসম

গোৱালপাৰাত অব্যাহত হাতী-মানুহৰ সংঘাত:পুনৰ হাতীৰ আক্ৰমণত আহত খেতিয়ক…

asomiyapratidin

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। বন্যহস্তীৰ আক্ৰমণত পুনৰ বৃহস্পতিবাৰে পুৱা এজন খেতিয়ক গুৰুতৰভাৱে আহত হৈছে।এইবাৰ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ দুধনৈৰ কুশধোৱা ব্লকৰ কামাৰপাৰা গাঁও। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত নিজৰ মুগা পামত কাম কৰিবলৈ যোৱা অৱস্থাতে নিৰ্মল সূত্ৰধাৰ নামৰ খেতিয়কজনক বনৰীয়া হাতী এটাই অতৰ্কিতে আক্ৰমণ কৰে।ফলত গুৰুতৰভাৱে আহত হয় নিৰ্মল সূত্ৰধৰ নামৰ খেতিয়কজন।

পামৰ পৰা বহুপৰলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰি যোৱাত মুগা পামৰ কাষতে খেতিয়কজনক অচেতন আৰু আহত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে।লগে লগে পৰিয়ালৰ লোকে খেতিয়কজনক দুধনৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও গুৰুতৰ অৱস্থাৰ বাবে উন্নত চিকিৎসাৰ কাৰণে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, হাতীৰ আক্ৰমণত বুকু,ডিঙি আৰু কঁকালত খেতিয়কজনে গুৰুতৰ আঘাত পায়।