অসম

গহপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত শেহতীয়াভাৱে বনৰীয়া হাতীৰ উপদ্ৰপে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বন বিভাগৰ নিধিৰাম চৰ্দাৰ ৰূপী ভূমিকাৰ বাবে অঞ্চলসমূহত বনৰীয়া হাতীয়ে ভাঙি চুৰ মাৰ কৰি তুলিছে বহু কৃষক পৰিয়ালৰ বাসগৃহ।

বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত জীৱন সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগা বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে চৰম বিপৰ্য্যয়। মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মেইলবজাৰত যোৱা নিশা বনৰীয়া হাতীৰ এটা জাকে চলোৱা উপদ্ৰৱত তচনচ হয় কেইবাটাও খাটিখোৱা পৰিয়ালৰ বাসগৃহ।নষ্ট কৰিলে বহু খেতিপথাৰ।

নিশা প্ৰায় ১১ মান বজাত মেইল বজাৰ, তেলেনীকে আদি কৰি কেইবাখনো গাঁৱত তাণ্ডৱ চলোৱা হাতীৰ জাকটোৰ তাণ্ডৱত গৃহহীন হ'বলগীয়া হয় কেইবাটাও পৰিয়াল।কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ পৰা খাদ্যৰ সন্ধানত জলাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ১৫/ ২০ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে নন্দ প্ৰধান, টংক বাহাদুৰ প্ৰধান, সঞ্জয় প্ৰধান, নন্দ হাজৰিকা সহ বহু কেইঘৰ লোকৰ বাস গৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ধান চাউল খাই তহিলং কৰে।

ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক বন বিভাগ, জনপ্ৰতিনিধি আৰু চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে।অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদাণ কৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।