অসম

পলকতে নিৰ্বাচনৰ কেইটামান খবৰ…

asomiyapratidin

১. লোকসভা নিৰ্বাচনৰ অসমৰ ১৪জন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ দিল্লীত মুখ্যমন্ত্ৰী সোণোৱাল, ৰঞ্জিত দাসৰ লগতে হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।

২. অসমৰ ৫টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা। যোৰহাট সমষ্টিত সুশান্ত বৰগোঁহাই, ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰক প্ৰাৰ্থিত্ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা লখিমপুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বৰ্তমানলৈ কৰা নাই ঘোষণা।

৩. গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব উপমুন্য হাজৰিকাই। নিৰ্দলীয় প্ৰাৰ্থী ৰূপে হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰিব।

শুকুৰবাৰে বিজেপি কাৰ্যালয়ত অগপ নেতৃত্ব…

৪. কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমীলাৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউ জি ব্ৰহ্মই। প্ৰাক্তন সাংসদগৰাকীক এবছুৱে সমৰ্থন দিয়াৰ কথা ঘোষণা।

৫. অগপ-বিজেপিৰ মিত্ৰতাক লৈ ক্ষোভ যোৰহাটত। অগপ যোৰহাট কাৰ্যালয়ৰ পৰা অগপ নেতাৰ পোষ্টাৰ-বেনাৰ জ্বলাই দিলে তৃণমূল কৰ্মীয়ে।

৬. অখিলেশ সিং যাদৱ আৰু বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে একেলগে নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। ১১খনকৈ ৰেলীত দুয়োগৰাকী নেতাই প্ৰচাৰ চলাব একেলগে।

৭. বিজেপিৰে মিত্ৰতা নকৰে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই। আগন্তুক নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰা ঘোষণা দলটোৰ সভাপতি পি এছ গোলেৰ।

৮. শনিবাৰে নতুন দিল্লীলৈ যাব অগপৰ নেতৃত্ব। সাক্ষাৎ কৰিব বিজেপি সভাপতি অমিত শ্বাহক। দলটোৱে লোকসভা নিৰ্বাচনত অসমৰ ৫টা সংসদীয় সমষ্টি বিচৰা লগতে ৰাজ্যসভা আসনো অগপক দিবলৈ দাবী জনাব।

৯. এন চি পিয়ে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। দলটোৰ শীৰ্ষ নেতা অজিত পাৱাৰে মাভাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

১০. অগপ নেতা প্ৰণৱ গোস্বামীক বহিষ্কাৰ। অগপ-বিজেপিৰ মিত্ৰতাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল গোস্বামীয়ে।