অসম

২০১৯চনৰ লোকসভা নিৰ্বাচন কেতিয়া? হ’ল নেকি নিৰ্বাচনী সূচীৰ ঘোষণা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১৯চনৰ বহু প্ৰত্যাশিত লোকসভা নিৰ্বাচনক লৈ সাজু ৰাজনৈতিক দল। তাৰ মাজতেই চৰ্চা চলিছে, কেতিয়া অনুুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। বহুতে সম্ভাৱনা ব্যক্ত কৰিছে- এপ্ৰিলতেই হ'ব এই নিৰ্বাচন। ফেচবুকে, হোৱাটছএপত বিয়পিছে এখন তালিকা। ৭ এপ্ৰিলৰ পৰা কেবাটাও পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি বিয়পি পৰা এই খবৰক লৈ চলিছে চৌদিশে চৰ্চা।

নিৰ্বাচন আয়োগে নিৰ্বাচনী সূচী ঘোষণা কৰে এক সংবাদমেল যোগে। কোনো দুষ্ট চক্ৰই এতিয়া লোকসভা নিৰ্বাচন ৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব বুলি এইদৰে উৰা বাতৰি বিয়পোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই উৰা বাতৰি অনুসৰি, অসমত ৭, ১২ আৰু ২৪ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কোনো সংবাদমেল আয়োজন কৰা নাই। ছ'চিয়েল মিডিয়াত এই খবৰ বিয়পোৱাৰ লগতে এই উৰা বাতৰি এতিয়া ভাইৰেল হৈ পৰিছে। যি সময়ত হোৱাটছএপ বা আন ছ'চিয়েল মিডিয়াত এনে উৰা বাতৰি প্ৰতিৰোধৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। তেনে সময়তেই নিৰ্বাচনক লৈ এই উৰা বাতৰিয়ে ৰাইজকো বিভ্ৰান্তিত পেলাইছে।