অসম

নিৰ্বাচন কেতিয়া, NRCত নাম নাথাকিলে কৰিব পাৰিবনে ভোটদান?-মুখ্য নিৰ্বাচনী আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা…

asomiyapratidin
  • হোটেল ৰডিছন ব্লুত মুখ্য সচিব,ডিজিপি কে ধৰি শীৰ্ষ বিষয়াৰে সৈতে বৈঠক মুখ্য নিৰ্বাচনী আয়ুক্তৰ।
  • সংবাদমেলত সুনীল আৰোৰাৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা।
  • দিল্লীত সিদ্ধান্ত লৈ ফাইনেল দিন ঘোষণা কৰিম।
  • ৰাজনৈতিক দলসমূহে বিহুৰ পূৰ্বে নিৰ্বাচন হোৱাটো বিচাৰিছে।
  • ৰাজনৈতিক দলসমূহৰ ওজৰ-আপত্তি বিবেচনা কৰা হ'ব।
  • স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি।
  • ভোটদানৰ সময় পূৰ্বতকৈ একঘণ্টা বাঢ়িব।
  • NRC ত নাম নাথাকিলেও ভোটৰ তালিকাত নাম থাকিলে ভোট দিব পাৰিব ।
  • বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থাকিব ভোটকেন্দ্ৰত।
  • অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ।
  • প্ৰাৰ্থী সহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব প্ৰচাৰত।
  • নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হ'ব আয়োগ।
  • নিৰ্বাচনী দিন নিৰ্ধাৰণৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ মন্তব্য।
  • পৰীক্ষাৰ সূচীসমূহ পৰীক্ষা কৰিহে দিন-বাৰ ঠিক কৰা হ'ব।
  • কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • গ্ৰামাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব।
  • এহেজাৰ ভোটাৰ থকা ভোটকেন্দ্ৰৰ ওচৰতে স্থাপন কৰা হ'ব নতুন ভোটকেন্দ্ৰ।
  • ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব নিৰীক্ষক।
  • নিৰ্বাচনৰ বাবে বিশেষ পৰ্যবেক্ষকো নিয়োগ কৰা হ'ব।
  • ছ'ছিয়েল মিডিয়াৰ ওপৰতো ৰখা হ'ব কঠোৰ নিৰীক্ষণ।