অসম

জামুগুৰিহাটত ঈদ-উল-ফিটৰ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশ তথা সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বৃহস্পতিবাৰে পুৱা জামুগুৰিহাটতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পবিত্ৰ ঈদ-উল ফিটৰ উদযাপন কৰে ৷

জামুগুৰিহাটৰ বাকোলা গাঁৱৰ ৰাজহুৱা ঈদগাহ মৈদাম প্ৰাংগণত ৰাইজ একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰে। ইয়াৰোপৰি বিশ্বশান্তি ও ৰাইজৰ মংগলৰ উদ্দেশ্য়ে সকলোৱে দোৱা প্ৰাৰ্থনা কৰে। ইজনে সিজনক আলিংগন কৰি ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷