অসম

আজি ঈদ–উজ–জোহা, পুৱাই শিশুৰ পৰা বৃদ্ধলৈ সকলোয়ে অংশ ললে সমূহীয়া নামাজত…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্র ঈদ উজ জোহা। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত এতিয়া সীমাহীন আনন্দ। এই দৃশ্য নগাঁও জিলাৰ বটদ্ৰৱাৰ জাজৰিৰ। পুৱা দেখিবলৈ পোৱা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে শুদ্ধ বগা পিন্ধি উলাই আহিছে জাজৰি ঈদগাহ ময়দান লৈ ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ।

হাজাৰ হাজাৰ লোকে জাজৰি ঈদগাহ মৈদামৰ পৰাই আল্লাৰ উচৰত বিশ্ব শান্তিৰ বাবে মাগিলে দোৱা। ইয়াৰোপৰি বটদ্ৰৱাৰ সমীপৱৰ্তী কদমনি, ধূপগুৰি, ধনীয়াভেটি, সোনাইবেৰা, বাটমাৰী, হাইডুবী, ৰামপুৰ আদি গাঁৱতো সমূহীয়া নামাজ সম্পন্ন কৰা হয়। সকলোৰে এটাই আশা পবিত্ৰ ঈদে সমাজ জীৱনলৈ আনক ঐক্য আৰু শান্তি।