অসম

সুধাকণ্ঠলৈ প্ৰণিপাত

asomiyapratidin

জিকমিক দেৱালীৰ বন্তি জ্বলে/ এন্ধাৰত কান্দে কোনে অকলে অকলে/ ওচৰা-উচৰি দুটি ঘৰ/এটি পঁজা আনটো ৰজাঘৰ/ ৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে…' – ১৯৫৫ চনতে দীপাৱলীৰ দিনাৰ এখনি ৰূঢ় বাস্তব চিত্র গীতৰ মাজেৰে দাঙি ধৰিছিল সমাজতন্ত্রত বিশ্বাসী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। ৰজাঘৰৰ উছৱ সদায় উখল-মাখল, প্ৰজাঘৰতহে দুশ্চিন্তাৰ সাগৰ। সম্প্রতি কোৰোনা মহামাৰীৰ বিভীষিকা কিন্তু শাম কাটিছে যদিও ইয়াৰ প্ৰভাৱত দেশৰ ভাগি পৰা আর্থিক ব্যৱস্থাৰ কুল সকলোৱেই ভুগিব লগা হৈছে।

অত্যাবশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যই সাধাৰণ মানুহক দিশহাৰা কৰি তুলিছে। হেৰুৱাই পেলাইছে ক্ৰয় ক্ষমতা। তেনে অৱস্থাত সাধাৰণ লোকৰ মাজত উছৱৰ ৰং স্তিমিত হোৱাই স্বাভাবিক। শাসক দলৰ বিয়াগোম নেতাই মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াৰ সলনি পৰামর্শ দিছে— "মিঠাতেলৰ দাম বাঢ়িছে, দেৱালীত কমকৈ জ্বলাত্তক চাকি।' যেন কেৱল ৰজাঘৰতহে জ্বলি থাকিব লাগে দেৱালীৰ বন্তি।

সাধাৰণ খাটিখোৱা শ্রেণীৰ প্রতি গভীৰ সমমর্মিতা থকা ড° ভূপেন হাজৰিকাই পিচে সমাজ পৰিবর্তনৰ স্বপ্ন ৰচিছিল বাবেই গীতটিৰ শেষৰ অংশত কৈছিল— 'কাইলৈ আহিব দোকমোকালি/আনি দিব পঁজাটিত ৰং ৰাঙলী/আনি দিব হেৰোৱা দিনৰ ধেমালি/পঁজাটিয়ে নাকান্দে অকলে/দেখিবা তাতো যে বন্তি জ্বলে।' শ্ৰেণী বৈষম্যক এইদৰে অতি সংবেদনশীলতাৰে তুলি ধৰিও আশাবাদ জগাই তোলা অসমীয়াৰ প্ৰাণৰ শিল্পী ড° ভূপেন হাজৰিকা আজিৰ পৰা দহ বছৰ পূৰ্বে এই ধৰা এৰি গুচি গ'ল। সুধাকণ্ঠবিহীন এই এটা দশকতো তেওঁৰ কালজয়ী গীতসমূহে প্ৰতিটো পৰিস্থিতিতে অসমীয়াৰ চিন্তা-চেতনাক আলোড়িত কৰি আহিছে।

ড০ ভূপেন হাজৰিকাই মৃত্যুৰ পিচতহে "ভাৰত ৰত্ন' সন্মান লাভ কৰে যদিও অগণন ভাৰতবাসীৰ মাজত তেওঁ কাহানিবাৰে পৰা প্ৰতিভাধৰ গণশিল্পীৰূপে সুপৰিচিত। সাম্য-মৈত্ৰীৰ গীত গাই আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বহু সমাদৰ লাভ কৰা ড° ভূপেন হাজৰিকাই সদায়ে বুকুত ঠাই দিছিল অসম আৰু অসমীয়াক। সেইবাবেই তেওঁ গাব পাৰিছিল— 'মোৰ আইক ভাল পালে জানো আনৰ আইক ঘিণ কৰাটো বুজাব…।' 'অসমী আই ৰূপহী, গুণৰো নাই শেষ' বুলি মাতৃবন্দনা কৰা শিল্পীগৰাকীয়ে অসমৰ সংকটক লৈ গীতেৰেই সকীয়াইছিল— 'আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।'

জাতিক সাহসেৰে পণ ল'বলৈ জাগৰিত কৰি তোলাৰ বাবে সুধাকণ্ঠই অজস্র গীতেৰে সুৰেৰে অহোপুৰুষাৰ্থ কৰি গৈছে। ব্যক্তি তথা সমাজ জীবনৰ এনে বিষয়, সমস্যা বা পৰিস্থিতি বিচাৰি পাবলৈ টান, য'ত ড° ভূপেন হাজৰিকাই গীতেৰে আলোকপাত কৰা নাই। মাটি আৰু মানুহৰ সম্পৰ্কৰ হৃদয়গ্রাহী চিত্ৰণৰ লগতে আধুনিক জীৱনৰ প্ৰাপ্তি-অপ্রাপ্তি, হৰ্ষ-বেদনা, প্রেম-প্রত্যাশা, আশা-স্বপ্ন আদি সকলো বাঙ্ময় হৈছে সুধাকণ্ঠৰ গীতত। দুঃস্থ, দলিত, নিষ্পেষিতজনৰ বাবে আত্মবিশ্বাস, সাহস, প্ৰেৰণা তেওঁৰ গীত।

দুর্ভাগ্যজনকভাবে শেহতীয়াকৈ পোহৰলৈ অহা কিছু অনাকাংক্ষিত ঘটনাই শিল্পীগৰাকীৰ লক্ষ লক্ষ অনুৰাগীক উদ্বিগ্ন কৰি তুলিছে। ড° ভূপেন হাজৰিকাৰ একাধিক গীত ৰবীন্দ্ৰ সংগীতৰ পৰিচয়েৰে বিভ্রান্ত কৰিব খোজা হৈছে। এই কর্মকাণ্ডৰে অশুভ চক্ৰটোৱে কেৱল সুধাকণ্ঠকে নহয়, কবিগুৰুকো অপমান কৰিছে। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতি ড° ভূপেন হাজৰিকাৰ অসীম শ্রদ্ধা আছিল বাবেই তেওঁ "সৱাৰ হৃদয়ে ৰবীন্দ্রনাথ' শীর্ষক গীত গাইছিল। কিন্তু সেইবুলি সুধাকণ্ঠৰ স্বসৃষ্টিক ৰবীন্দ্ৰনাথৰ নামত লিপিবদ্ধ কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি।

একেদৰে ড° ভূপেন হাজৰিকাৰ কিছু গীতৰ বাংলা অনুবাদক শিবদাস মুখার্জীয়ে সেইবোৰ নিজৰ সৃষ্টি বুলি দেখুওৱাটোও চৰম বৌদ্ধিক শঠতাৰ উদাহৰণ। এনেবোৰ ষড়যন্ত্র নিশ্চয়কৈ প্রতিহত কৰিব লাগিব। কাৰণ সুধাকণ্ঠৰ সৃষ্টিৰ ওপৰত এই আগ্ৰাসনৰ অৰ্থ অসমীয়া সত্তাৰ ওপৰত আক্ৰমণ। ইয়াৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰাটো প্ৰতিজন অসমীয়াৰে অপৰিহাৰ্য দায়িত্ব। অসমীয়া জাতিৰ প্ৰাণপুৰুষগৰাকীৰ স্মৃতি আমি অমলিন ৰূপত সজীৱ কৰি ৰাখিব লাগিব। স্মৃতিসৌধ, সোঁৱৰণী মঞ্চ নির্মাণ, প্রতিমূর্তি স্থাপন আদিৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ চিন্তা-ভাবনাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰ প্রবাহিত কৰি ৰাখিব পৰাটোৱেই হ'ব তেওঁৰ প্ৰতি প্রকৃত শ্রদ্ধাঞ্জলি। দশম মৃত্যুবার্ষিকীত সুধাকণ্ঠলৈ জনালো আমাৰ সহস্ৰ প্ৰণিপাত।