অসম

ৰাজ্যত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৈঠক, অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল ভাৰতীয় জাতীয় কংগ্ৰেছ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত ব্যাপক চৰ্চা । এই সমষ্টি পুনৰ্নিধাৰণৰ খচৰা সন্দৰ্ভত এক শুনানিৰ বাবে অসমত উপস্থিত হৈছিলহি নিৰ্বাচনী আয়োগৰ শীৰ্ষ বিষয়াসকল । দেশত নিৰ্বাচনী আয়োগ খচৰা ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পূৰ্বে পোন প্ৰথমবাৰৰ বাবে কোনো ৰাজ্যত এনেদৰে উপস্থিত হৈছিল । অৱশ্যে ৰাজহুৱাভাৱে খচৰা প্ৰকাশ কৰাৰ পাছত পুনৰ নিৰ্বাচনী আয়োগ আহিব অসমলৈ । অৰ্থাৎ এই প্ৰক্ৰিয়াৰ সৈতে জড়িত অংশীদাৰসকলে নিৰ্বাচনী আয়োগৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হৈ নিজৰ মতামত দাঙি ধৰাৰ সুবিধা লাভ কৰিব।

উল্লেখ্য যে, এই কাম পোন প্ৰথমবাৰৰ বাবে হ'লেও সমষ্টি পুনৰ্নিধাৰণক লৈ সৰৱ হৈ উঠিছিল জাতীয় ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন । সদৌ অসম ছাত্ৰ সন্থা, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ দৰে দল-সংগঠন সমূহেও এই সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত নিজা নিজা মতামত আৰু উদ্বেগ প্ৰকাশ কৰা ইতিমধ্যেই পৰিলক্ষিত হৈছে ।

এই সকলোৰে মাজতেই ২৮ ডিছেম্বৰ, মঙলবাৰে পুৱা ৯ বজাৰ পৰা নিৰ্বাচনী আয়োগৰ সৈতে বৈঠকত মিলিত হয় ৯ টাকৈ ৰাজনৈতিক দলৰ ওপৰিও ৬০টা আন দল-সংগঠন । এই বৈঠকত অংশগ্ৰহণ কৰে ৰাইজৰ দল, আম আদমী পাৰ্টি, চি পি আই, চি পি আই (এম). এ আই ডি ইউ এফ, তৃণমূল কংগ্ৰেছৰ ওপৰি শাসনাধিষ্ঠ বিজেপিৰ সৈতে মিত্ৰযোঁট বাহিনী অসম গণ পৰিষদ আৰু ইউনাইটেড পিপলছ্ পাৰ্টী লিবাৰেলে অংশগ্ৰহণ কৰে । আশ্চৰ্যকৰভাৱে এই বৈঠকৰ পৰা দূৰৈত অৱস্থিত গ্ৰহণ কৰিলে ৰাজ্য তথা দেশৰ অন্যতম বিৰোধী শক্তি ভাৰতীয় জাতীয় কংগ্ৰেছে । আনহাতে, শাসনাধিষ্ঠ মিত্ৰযোঁটৰ বাহিৰে আন ৫ টি দলে এই সমষ্টি পুনৰ্নিধাৰণৰ বিৰোধিতা কৰে বৈঠকত ।

এই বৈঠকৰ পাছতেই সংবাদ মেলৰ আয়োজন দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ । সংবাদ মেলত ৰাজীৱ কুমাৰৰ ভাষ্য অনুসৰি, ১৫ এপ্ৰিললৈকে অংশীদাৰ আৰু জনসাধাৰণে মেইলযোগে আগবঢ়াব পাৰিব পুনৰ্নিধাৰণ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ, ওজৰ-অপত্তি ।

উল্লেখ্য যে, জনপ্ৰতিনিধি আইনৰ আধাৰত কৰা হ'ব সমষ্টি পুনৰ্নিধাৰণৰ কাম । বি টি আৰ, ষষ্ঠ অনুসূচীৰ নিয়ম সমূহো অটুত থাকিব সমষ্টি পুনৰ্নিধাৰণ প্ৰক্ৰিয়াত । ২০০১ চনৰ পৰিৱৰ্তে শেহতীয়া লোকপিয়ল অনুসৰি হে সম্পন্ন কৰা হ'ব এই কাৰ্য । ইয়াৰ ওপৰিও বহু দল-সংগঠনে সমষ্টি বৃদ্ধিৰ সমৰ্থনত মত প্ৰকাশ কৰা বুলিও জানিবলৈ দিছে ৰাজীৱ কুমাৰে ।