অসম

সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সন্ধিয়া প্ৰায় ৭.৪১ বজাত মহানগৰীকে ধৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত এক মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি যায়। কেইবা ছেকেণ্ড ধৰি অনুভূত হোৱা এই ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ৰাজ্যৰ বিভিন্ন স্থানত।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৪.৩ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত কোনো স্থানত ক্ষয়ক্ষতি হোৱাৰ বাতৰি এতিয়ালৈকে অৱশ্যে অহা নাই। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ১৩ নবেম্বৰতো ৪.৭ প্ৰাবল্যৰ আন এক মৃদু ভূমিকম্পই জোঁকাৰি গৈছিল।

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ কাৰ্বিআংলং জিলাৰ ডিফুত। এই ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাজ্য নগালেণ্ডতো মৃদু কঁপনি অনুভূত হৈছিল।জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া অনুভূত হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গুৱাহাটীৰ পৰা ৫৫ কিলোমিটাৰ নিলগত আৰু ১৭.১ কিলোমিটাৰ গভীৰতাত। এই মৃদু ভূমিকম্প মেঘালয় আৰু নগালেণ্ডকে ধৰি উত্তৰ-পূবত অনুভূত হোৱা বুলি জানিব পৰা গৈছে।