অসম

শিৱসাগৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় কাৰ্যঃ ই-প্ৰজ্ঞাৰ শুভাৰম্ভণী…

asomiyapratidin

ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ শিক্ষা বিভাগে লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীক অনলাইন শিক্ষা প্ৰদানৰ বাবে মুকলি কৰিলে ইউটিউব চেনেল। ই প্ৰজ্ঞা নামৰ এই ইউটিউব চেনেলটোত জিলা খনৰ বছা বছা শিক্ষক শিক্ষয়ত্ৰীয়ে বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰা ভিডিঅ প্ৰস্তুত কৰি এই চেনেলত আপলোড কৰিছে।

আজি শিৱসাগৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত সাংবাদিকৰ উপস্থিতিত জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমুহৰ সংমণ্ডল পৰিৰ্দশক আব্দুল জেলিলে আনুষ্ঠানিকভাৱে মুকলি কৰে ই প্ৰজ্ঞা নামৰ ইউটিউব চেনেলটো।

এই ইউটিউব চেনেলৰ দ্বাৰা জিলা খনৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হব বুলি আশাবাদী জিলা শিক্ষা বিষয়া আব্দুল জেলিল।প্ৰাথমিক পৰ্যায়ৰ আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ই প্ৰজ্ঞা। এই ইউটিউব চেনেলটোত ছাত্ৰ ছাত্ৰী সকলে অভিজ্ঞ শিক্ষক শিক্ষয়ত্ৰীৰ দ্বাৰা ঘৰতে থাকি বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা লাভ কৰিব পাৰিব।

উল্লেখ্য যে শিৱসাগৰ শিক্ষা বিভাগে ইয়াৰপূৰ্বে মাধ্যমিক আৰু উচ্চতৰ শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আন এটা ইউটিউব চেনেল মুকলি কৰিছিল। জিলা শিক্ষা বিষয়া আব্দুল জেলিলৰ লগতে দীপক দত্ত, গৌৰিশংকৰ বৰুৱা, বি শুভৰাম, নিলুফাৰ ই মেহতাবি, বিজয় দাস, দেৱজিত বৰকাকতি, প্ৰশান্ত বৰঠাকুৰ, বন্দনা হাজৰিকা, পাৰ্থপ্ৰতিম বৰগোহাঁই, কংকনা গোস্বামী, ব্ৰজেন বড়াকে ধৰি বহু ব্যক্তিৰ প্ৰচেষ্ঠাত ই প্ৰজ্ঞা নামৰ ইউ টিউব চেনেলটো মুকলি কৰা হৈছে।