অসম

ঢকুৱাখনাৰ সমাজ হিতৈষী দ্বিগেন্দ্ৰ নাথ হাজৰিকা পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক ক্ষেত্ৰখনৰ সতে ওতঃপ্ৰোত ভাৱে জড়িত সক্ৰিয় পৰিবেশ কৰ্মী, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ,ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘৰ আজীৱন সদস্য, অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখাৰ  সভাপতি দ্বিগেন্দ্ৰ নাথ হাজৰিকা শুকুৰবাৰে পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আহত হৈছে। 

সামাজিক কামত সত্তৰউৰ্ধৰ বয়সৰ প্ৰবীণ শিক্ষাবিদ গৰাকী বিয়লি প্ৰায় ১-২০ বজাত নিজৰ স্কুতিৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ দিশৰ পৰা নগৰ চাৰি আলি দিশে গৈ থকা অৱস্থাত ঢকুৱাখনা- ঘূণাসুঁতি গড়কাপ্তানী পথৰ আমোলাপট্টি অংশত ভদঙীয়া গৰুৰ খুন্দাত ৰাজপথৰ ওপৰত ঢলি পৰে।  গুৰুতৰ ভাবে আহত বৰ্ষীয়ান ব্যক্তিগৰাকীক স্থানীয় ৰাইজে  ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি জৰুৰী প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

পাছত  উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় পৰিয়ালৰ সহযোগত ।  সৰবৰহী ব্যক্তি হাজৰিকাৰ আকস্মিক দুৰ্ঘটনাৰ খবৰ পায় ঢকুৱাখনা চিকিৎসালয় চৌহদত অগণন গুণমুগ্ধৰ আগমন ঘটে।  চিকিৎসকৰ সূত্ৰই জনোৱা মতে হাজৰিকা বিপদ মুক্ত যদিও আঘাত কিছু গুৰুতৰ । ঢকুৱাখনাৰ অগ্ৰণী সমাজকৰ্মী  হাজৰিকাৰ আশু আৰোগ্য কামনা কৰি অগণন গুণমুগ্ধই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।