অসম

বৃহস্পতিবাৰে ষষ্ঠী, আৰম্ভ হ’ল দুৰ্গাপূজা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ষষ্ঠী। আৰম্ভ হ'ল দুৰ্গা পূজা। কোৰোনাৰ পৰিৱেশৰ মাজতে আনুষ্ঠানিকভাৱে কেৱল উদযাপিত হ'ব এই উৎসৱ। পূৰ্বৰ দৰে নাই বজাৰত ভিৰ । ৰাতি দেৰিলৈকে পূজা চোৱাৰ আমেজো ল'ব নোৱাৰিব ৰাজ্য বাসীয়ে।

পূজা কেনেদৰে অনুষ্ঠিত কৰিব লাগিব সেই সন্দৰ্ভত ইতিমধ্যে স্বাস্থ্য বিভাগে জাৰি কৰিছে নিয়মাৱলী। ৯ বজাতে বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেন্ট। উঠিব নোৱাৰিব দুচকীয়া বাহনত দুজন পুৰুষ যাত্ৰী। পূজাৰৰ মণ্ডপসমূহত পূজা কৰা পূজাৰীৰ কোৰোনাৰ টেষ্ট বাধ্যতামূলক কৰা হৈছে।

পূজাৰ আয়োজকসকলেও মানিব লাগিব এই নিয়ম। পূৰ্বৰ পূজাৰ আমেজ লাভ নকৰিলেও পূজা অনুষ্ঠিত কৰিবলৈ এই কোৰোনা সৃষ্ট পৰিৱেশৰ মাজতে অনুমতি দিছে চৰকাৰে। ভক্তসকলে কোভিড প্ৰট'ক'ল মানিহে দৰ্শন কৰিব পাৰিব পূজা মণ্ডপ।