অসম

দুৰ্গাৰ প্ৰতিমা স্থাপনেৰে এইবাৰ নহ’ব পূজা…

asomiyapratidin

ডিজিটেল ডেস্কঃ এইবাৰ দুৰ্গাপূজাত মৈত্ৰ্যলৈ নাহিব পাৰে দেৱী দুৰ্গা। কোৰোনাৰ বাবে ৰাজ্যৰ প্ৰশাসনে বিশেষকৈ গুৱাহাটীত দুৰ্গা পূজা পতাৰ ক্ষেত্ৰত কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মা দুৰ্গাৰ পূজা-অৰ্চনা পূৰ্বৰ নিয়মানুসৰি হ'ব যদিও, এইবাৰ পূৰ্বৰ দৰে পেণ্ডেল পাতি দুৰ্গাৰ প্ৰতিমা স্থাপনৰ ক্ষেত্ৰত অনুমতি নিদিয়ে প্রশাসনে।

ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, অক্টোবৰত অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। ডিচেম্বৰলৈকে কোৰোনা ভাইৰাছৰ কোনো ভেকচিন ওলোৱাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীও দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে, এইবাৰ আহিনৰ সলনি কাতিতহে আৰম্ভ হ'ব দুৰ্গা পূজাৰ মহালয়া। নিয়ম মতে, ১৬ ছেপ্তেম্বৰত মহালয়া আছিল যদিও এইবাৰ এই মহালয়া ১৬ অক্টোবৰত পৰিব। অৰ্থাৎ ১৬ অক্টোবৰৰ পৰাহে আৰম্ভ হ'ব দুৰ্গা পূজা।

১৭ অক্টোবৰত নৱৰাত্ৰিৰ প্ৰথম দিন। নৱৰাত্ৰিৰ অন্ত পৰিব ২৫ অক্টোবৰত। ২২ অক্টোবৰত ষষ্ঠী, ২৩ অক্টোবৰত সপ্তমী, ২৪অক্টোবৰত বলি বিধানৰ লগতে সন্ধি পূজা, ২৫ অক্টোবৰত নৱমী আৰু ২৬ অক্টোবৰত আছে বিসৰ্জন।