অসম

আজি মহাষ্টমীঃ মূল্যবৃদ্ধি, কোভিড সংক্ৰান্তীয় নীতিৰ মাজেৰে জনতাই লৈছে উৎসৱৰ মাদকতা…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি মহাষ্টমী।ৰাজ্যৰ চৌদিশে দেৱী বন্দনাৰে প্ৰাণোচ্ছৱ হৈ উঠিছে পূজাস্থলীসমূহ।বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে বিভিন্ন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা পূজাত ভক্তৰ সমাগম বন্ধ আছিল। এই বেলিও কোভিড পৰিস্থিতিৰ মাজতে শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত হৈছে।

কোভিড সংক্ৰান্তীয় বিভিন্ন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা শাৰদীয় উৎসৱৰ এই বতৰত দেৱীৰ আৰধনা কৰা ভক্তবৃন্দই বিভিন্ন পূজাস্থলীত গৈ ভিৰ কৰিছে। মঙ্গলবাৰে সপ্তমীৰ দিনটোকত ৰাজ্যৰ চৌদিশে শান্তিপূৰ্ণ পৰিস্থিতিৰ মাজেৰেই দেৱী বন্দনা হ'ল।

ইফালে পৰম্পৰা আৰু জন বিশ্বাসৰ অনুসি মহাষ্টমী আৰু মহানৱমীত দেৱী দুৰ্গাৰ সন্মুখত বলি-বিধান দিবলৈ সাজু কৰি ৰখা হৈছে মহ, ছাগলীকে ধৰি অন্যান্য জীৱ। কামাখ্যা, বিল্বেশ্বৰসহ ৰাজ্যৰ বিভিন্ন থান, দেৱালয়, মন্দিৰত দেৱীৰ বাবে উচৰ্গা কৰা হ'ব এই জীৱ।

ইফালে পূৰ্বৰে পৰা হৈ অহা মূল্যবৃদ্ধিয়ে উৎসৱৰ বতৰত সৰ্বসাধাৰণ ৰাইজক পানীত হাঁহ নচৰা অৱস্থা কৰিছে। খাদ্য সামগ্ৰীকে ধৰি ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে। ফলস্বৰূপে সাধাৰণ ৰাইজে উৎসৱৰ বতৰতো চিন্তা কৰি খৰচ কৰিবলৈ বাধ্য হৈছে।

১০০ টকাৰ পেট্ৰ'লে জুৰুলা কৰা ৰাইজে বিভিন্ন শ্ব'ৰুমৰ পৰা অধিক দামতে বিগত বৰ্ষৰে কাপোৰ ক্ৰয় কৰিবলগীয়া হৈছে বুলিও এক অভিযোগ উত্থাপন হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে পুৰণি কাপোৰতে নতুন দামৰ ষ্টিকাৰ লগাই অধিক দামত বিক্ৰী কৰাৰ অভিযোগ আহিছে।

সেয়া যিয়েই নহওক কোভিড কালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি উৎসৱৰ মাদকতা লাভৰ পৰা বঞ্চিত হৈ থকা সাধাৰণ জনতাই কোভিড সংক্ৰান্তীয় নীতি নিয়মৰ মাজৰে, মূল্য বৃদ্ধিৰ প্ৰকোপৰ মাজতে কিছুসময়ৰ বাবে হলেও আনন্দ উপভোগ কৰি মানসিক সন্তুষ্টি লাভ কৰিছে।

,