অসম

তিনি দিন তিনি ৰাতি গণনাৰ পিছতো নোলাল নিৰ্বাচনৰ ফলাফল

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰ দিনত তিনিচুকীয়া জিলাত সমবায় সমিতি নিৰ্বাচনৰ ফলাফল তিনি দিন তিনি ৰাতি গণনা কৰিও ঘোষণা কৰিব নোৱাৰাৰ পিছত জিলা উপায়ুক্তৰ হস্তক্ষেপত গণনা বন্ধ কৰা কাৰ্যই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত বাতৰি অনুসৰি, যোৱা ৬ আগষ্টত ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনত সমবায়ৰ ১৪ টা বিভিন্ন পদৰ বাবে ৩৬ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল৷ প্ৰায় পাঁচ সহস্ৰাধিক অংশীদাৰ থকা সমবায় সমিতিখনৰ ১৫৮৭ গৰাকী ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰা সমিতিখন পঞ্জীয়কে পক্ষপাতিত্ব কৰি বিজেপি সমৰ্থিত প্ৰাৰ্থীক অধিক ভোট দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

পৰৱৰ্তী সময়ত ভোটগণনাৰ সময়ছোৱাতো নিৰ্বাচনী বিষয়াই পক্ষপাতিত্ব কৰি বিসংগতি সৃষ্টি কৰাৰ অভিযোগ তুলি দুই ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ আৰু বিজেপি উভয় দলে এটাই আনটোৰ বিৰুদ্ধে প্ৰতি অভিযোগ তোলাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চি আৰ পি এফ মোতায়েন কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা কৰা হয় যদিও ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৰবীন গগৈ নামৰ এগৰাকী সহ পঞ্জীয়ক ব্যাপক খেলিমেলিৰ অভিযোগত অব্যাহতি দিবলৈ বাধ্য হৈ পৰে৷

ইফালে, সমবায় সমিতিখনৰ বাহিৰত ৰৈ থকা একাংশ যুৱকৰ সৈতে বিজেপি সমৰ্থকৰ বাক-বিতণ্ডাই তীব্ৰতৰ ৰূপ ধাৰণ কৰাত তিনিচুকীয়া উপায়ুক্তৰ নিৰ্দেশমৰ্মে ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ সকলো বেলট বাকচ জব্দ কৰি ফিল'বাৰী থানাত ৰখা হৈছে৷ পৰৱৰ্তী সময়ত জিলা উপায়ুক্তই সমগ্ৰ বিষয়টো তদন্ত কৰি ব্যৱস্থা ল'ব বুলি জানিবলৈ দিছে।