অসম

বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান, দুধনৈত বিধায়ক দীপক ৰাভাই ঘৰে ঘৰে গৈ চলালে অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ,দুধনৈ: সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজিৰ পৰা আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।সমগ্ৰ ৰাজ্য খনৰ লগতে আজি ৩৬ নং দুধনৈ বিধানসভা সমষ্টিতো গোৱালপাৰা জিলা বিজেপিয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।

দুধনৈত বিধায়ক দীপক ৰাভাই দলীয় কৰ্মীৰ সৈতে শান্তিপুৰ গাঁৱৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ সুখ-দুখ,অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় । লগতে চৰকাৰে আগবঢ়োৱা বিভিন্ন আচঁনিৰ সুবিধা সমূহ লাভ কৰিছে নে নাই এই সম্পৰ্কে পৰিয়ালৰ সদস্য সকলৰ পৰা বুজ লয় ।

তদুপৰি চৰকাৰে আগবঢ়োৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জানিবৰ বাবে বিজেপি কৰ্মী সকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনুৰোধ জনায় বিধায়ক দীপক ৰাভাই ।পৰিয়াল সম্পৰ্ক অভিযানত বিধায়কৰ সংগ দিয়ে গোৱালপাৰা জিলা বিজেপিৰ উপ সভানেত্ৰী টিনামণি দৈমাৰী, সম্পাদিকা সুচিত্ৰা নাথ, কুশধোৱা মণ্ডল বিজেপিৰ সভাপতি ৰাকেশ সাহাৰ লগতে কেবাগৰাকী দলীয় কৰ্মী ।