অসম

দুধনৈৰ ৰেল পথত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ 

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰীৰ ৰেলপথত এগৰাকী অচিনাক্ত মহিলাৰ ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিবপৰা মতে, টাঙাবাৰীৰ শালঝাৰৰ ৰেলপথত এগৰাকী অচিনাকী মহিলাৰ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে ৰেল আৰক্ষী আৰু দুধনৈ আৰক্ষীক খবৰ দিয়ে। তাৰপাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে৷

আৰক্ষীয়ে জনায় যে, মহিলাগৰাকী ৰেলপথেৰে আহি থকা সময়তে তীব্ৰবেগী ৰেলে মহতীয়াই লৈ যায়৷ যাৰ ফলত মৃতদেহটো ক্ষত-বিক্ষত হৈ পৰে৷ যাৰফলত মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই৷ মহিলাগৰাকীয়ে পৰিধান কৰা কাপোৰৰ দ্বাৰাহে চিনাক্ত কৰিব পাৰিব পৰিয়ালৰ লোকে৷