অসম

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত বাইক আৰোহী…

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰা: শনিবাৰে সন্ধিয়া দুধনৈ মাখিপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন বাইক আৰোহী নিহত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, এ এছ ১৮ ই ২২১৪ পঞ্জীয়ন নম্বৰৰ পালচাৰ বাইক আৰোহী যুৱক এজনে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰৈ থকা কয়লাভৰ্তী ট্ৰেইলাৰ এখনৰ পিছফালে খুন্দিওৱাৰ ফলত যুৱকজনৰ থিতাতে নিহত হয়।

শনিবাৰে সন্ধিয়া ৮.২০ মান বজাত সংঘটিত এই দুৰ্ঘটনাত নিহত যুৱকজনক অদ্যপি চিনাক্ত কৰিব পৰা হোৱা নাই যদিও বাহনখন বীৰবল কছাৰীৰ নামত গোৱালপাৰা পৰিবহণ বিভাগত পঞ্জীয়নভুক্ত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মৃত যুৱকজনে ফুল হেলমেট পৰিধান কৰা আছিল যদিও নিম্নমানৰ হেলমেট ভেদি মূৰ আৰু মুখমণ্ডলত আঘাত পোৱাৰ ফলতে মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰেইলাৰখনে সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।