অসম

ড্ৰাগছ বেপাৰী-এনএছচিএনৰ নেতা আৰক্ষীৰ জিম্মাত…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁও: উগ্ৰপন্থী সংগঠন এন এছ চি এনে বৰ্তমানেও চলাই আছে ড্ৰাগছৰ ব্যবসায়৷ সংগঠনটোৰ এজন শীৰ্ষ নেতাই শেহতীয়াকৈ নগাঁৱত বেছ বনাই চলাই আহিছিল নিষিদ্ধ এই ব্যৱসায়৷ এই কথা প্ৰমাণ হৈছে নগাঁও আৰক্ষীৰ তদন্তত। শেহতীয়াকৈ নগাঁও আৰক্ষীৰ গুলীত আহত হোৱা মণিপুৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হকিনচন এনএছচিএন ইছাক মুইভা গোটৰ ডেপুটী কামাণ্ডেণ্ট আছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।

নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ নেতা গৰাকীৰ নেতৃত্বতে ২০১০ চনৰে পৰা উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তত চলিছিল ড্ৰাগছৰ ব্যৱসায় ৷ আৰ কে হকিনচনৰ দৰে কেইজনমান এনএছচিএন নেতাৰ নেতৃত্বতে উত্তৰ-পূৱৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ম্যানমাৰ সীমান্তয়েদি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ড্ৰাগছৰ যোগান ধৰা আৰ কে হকিনচন হৈ পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰো ম'ষ্ট ৱাণ্টেড। কিন্তু নগাঁও আৰক্ষীয়ে আৰ কে হকিনচনক এগৰাকী মনিপুৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে প্ৰথমে জানিছিল।

ডিমাপুৰৰ পৰা ড্ৰাগছৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰা আৰ কে হকিনচনক ২৫ অক্টোবৰত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে চলাই আছে মাৰাথান জেৰা। আৰক্ষীৰ জেৰাতে পোহৰলৈ আহিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ম'ষ্ট ৱাণ্টেড আৰ কে হকিনচন আৰু কুখ্যাত ড্ৰাগছ মাফিয়া একেজন ব্যক্তিয়ে।এতিয়া নগাঁও আৰক্ষীয়ে এনএছচিএন আৰু ড্ৰাগছৰ বেহা সন্দৰ্ভত আৰু অধিক তথ্য বিচাৰি হকিনচনক জেৰা অব্যাহত ৰাখিছে।