অসম

সৰ্থেবাৰীৰ গৰেমাৰীত ড্ৰাগছসহ আটক এজন…

asomiyapratidin

ডিজিটেল সংবাদ চেঙা: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰেমাৰীত বৃহস্পতিবাৰে সন্ধিয়া বিশেষ সূত্ৰৰ পম খেদি সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি ৬ টা প্লাষ্টিকৰ কন্টেইনাৰসহ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এজন যুৱকক আটক কৰে আৰক্ষীয়ে। ধৃত যুৱকজন গৰেমাৰী গাঁৱৰ প্ৰয়াত ৰেজ্জাক আলীৰ পুত্ৰ আবু বক্কাৰ ছিদ্দিক (২৬) বুলি জানিব পৰা গৈছে।

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীব নেওগৰ সহযোগত যৌথভাবে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী এই অভিযানত ধৃত আবু বক্কাৰ ছিদ্দিকৰ পৰা ৬ টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, মোবাইল ফোন এটা আৰু নগদ ৫,৪০০ টকা জব্দ কৰে মাজদিয়া আৰক্ষীয়ে।

ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাংগ দেৱ উপস্থিত হৈ যাৱতীয় কাম-কাজ সম্পন্ন কৰে। ধৃত আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।