অসম

কাছাৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজণ পৰিমাণৰ হেৰোইন জব্দ কৰে৷ ১০ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্হাত হেৰোইন খিনি জব্দ কৰে আৰক্ষীয়ে লক্ষীপুৰৰ SDPO কুলদীপ ভট্টাচাৰ্যৰ নেতৃত্বত জিৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা কুমাৰ নাথ আৰু আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে হেৰোইন খিনি৷

আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত জিৰিঘাটৰ নিউ খৈয়াৰাবাদত পূৰ্বৰ পৰা খাপ পিটি ৰৈ আছিল৷ আবেলি প্ৰায় ৫ বজাত চলোৱা হৈছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ ঠিক সেই সময়ত লালৰেম থাং মাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে এটি বেগত ভৰাই লৈ আহিছিল
হেৰোইন খিনি ৷

মনিপুৰৰ পৰা কাছাৰলৈ বিক্ৰী কৰিবলৈ অনা সময়ত হেৰোইন খিনি জব্দ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ জব্দ কৰা হেৰোইনৰ পৰিমাণ ১৩৫.৬৯ গ্ৰাম বুলি সদৰী কৰে আৰক্ষীয়ে ৷ হেৰোইনৰ সৈতে সৰবৰাহকাৰী লালৰেম থাং মাৰ (৫৪)ক গ্ৰেপ্তাৰ কৰা হয় ৷ ধৃত লালৰেমৰ ঘৰ জিৰিঘাট থানাৰ লালপানীত ৷ হেৰোইন খিনিৰ মূল্য কেবালাখ টকা হব বুলি অনুমান আৰক্ষীৰ ৷ বৰ্তমান জিৰিঘাট থানাত জেৰা অব্যাহত ড্ৰাগছ সৰবৰাহকাৰী জনক ৷