অসম

সৰ্থেবাৰীৰ পশ্চিম মাজদিয়াত ই-ৰিক্সাৰ পৰা জব্দ সন্দেহযুক্ত ব্ৰাউন চুগাৰ : এজনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ চেঙা : বৰপেটা জিলাত আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বুধবাৰে পুৱা এক গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে চলাযই ড্ৰাগছ বিৰোধী অভিযান। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙৰ নেতৃত্বত পশ্চিম মাজদিয়া চক- বজাৰত চলোৱা এই অভিযানত এখন ই-ৰিক্সাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ।

ই-ৰিক্সাখনত এটা চাবোনৰ বাকচত লুকুৱাই আনিছিল সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি। ড্ৰাগছ সৰবৰাহৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে ই-ৰিক্সাখনৰ চালকক গ্ৰেপ্তাৰ কৰে। ধৃত চালকজন বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চনেট্টাৰী গাঁৱৰ পাঞ্জু মিঞাৰ পুত্ৰ চহিদুল ইছলাম (২৩) বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত চহিদুল ইছলামক সৰ্থেবাৰী থানাত সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।