অসম

মুকালমুৱা আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে পুৱতি নিশা বহুসংখ্যক নিচা যুক্ত দ্ৰব্যসহ এজন লোকক আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, মুকলমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা মুকালমুৱা অঞ্চলৰ বিভিন্ন প্ৰান্তত অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়।

অভিযানত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ চিৰাজুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পূৰ্বেও কেইবাবাৰো কাৰাবাস খাটিছিল চিৰাজুলে। ধৃত চিৰাজুলৰ ঘৰ লোহাৰকাঠাত বুলি জানিব পৰা গৈছে।