অসম

খাগৰিজান মহাবিদ্যালয়ত স্বাস্থ্য আৰু সমাজত ড্ৰাগছ সেৱনৰ প্ৰভাৱৰ শীৰ্ষক কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ শনিবাৰে খাগৰিজান মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সহযোগত এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। উক্ত কৰ্মশালাৰ মূল বিষয় হ'ল স্বাস্থ্য আৰু সমাজত ড্ৰাগছ সেৱনৰ প্ৰভাৱ।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিত নগাঁও চহৰৰ চকিটুপ অঞ্চলত গৈ ড্ৰাগছ সেৱন কৰা লোক সকলক ড্ৰাগছ সেৱনৰ অপকাৰিতাৰ সন্দৰ্ভত অৱগত কৰা হয়। উক্ত অনুষ্ঠানটোত গাঁৱৰক্ষী বাহিনীৰ সদস্য শংকৰ ঘোষ আৰু জাকিৰ হুছেইন আৰু খাগৰিজান মহাবিদ্যালয় যুৱ ক্লাবৰ সম্পাদক গৌৰৱ আগমাচাৰ্য্য লগত থাকি অনুষ্ঠানটো সুন্দৰভাৱে চলাই নিয়াত সহায় কৰে।

ইয়াৰ পিছত দিনৰ ১২ বজাত মহাবিদ্যালয়ত এখনি সভাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ তথা খাগৰিজান মহাবিদ্যালয যুৱ ক্লাৱৰ সভাপতি ড° ৰমেশ নাথে সভা খনৰ শুভাৰম্ভ কৰে ।

উক্ত সভাখনত মুখ্য বক্তা‌ হিচাপে আমন্ত্ৰণ জনোৱা হয় নগাঁও চহৰৰ অধিবক্তা সেউজ প্ৰিয়া লিগিৰা আৰু খাগৰিজান মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা অজন্তা বৰা খাৰঘৰীয়া। অধিবক্তা সেউজ প্ৰিয়া লিগিৰায়ে ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ অপকাৰিতা আৰু ইয়াৰ আইনগত ব্যবস্থাৰ ওপৰত অৱগত কৰে ।

লগতে অজন্তা খাৰঘৰীয়াই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব কয় যাতে দেশ খন এখন সভ্য, শিক্ষিত আৰু ড্ৰাগছ মুক্ত দেশ হ'ব পাৰে। অনুষ্ঠানটোত নেহৰু যুৱ কেন্দ্ৰৰ সদস্যৰ লগতে মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিত থাকে।

অনুষ্ঠানটিৰ আতঁ ধৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ঝৰ্ণা মৰাঙে। দিনৰ ২ বজাত সভাখনৰ সফল সমাপ্তি ঘটে।