অসম

দৃষ্টিৰ উদ্যোগত ‘মিৰি মাৰ্কেট বাৰ্টাৰ’ শীৰ্ষক সামগ্ৰী বিনিময়ৰ মোবাইল এপ্লিকেচন মুকলি…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পূৰ্ব প্ৰচলিত ইতিহাস প্ৰসিদ্ধ বিনিময় প্ৰথাৰ পুনৰাবৃত্তিৰ প্ৰয়াস কৰিছে দেশৰ অগ্ৰণী অৰ্থ সামাজিক অনুষ্ঠান 'দৃষ্টি'য়ে। কৃষক উৎপাদিত ফচল আৰু গ্ৰামাঞ্চলত হস্তশিল্প, খাদ্য সামগ্ৰী সামগ্ৰী আদি বিক্ৰিৰ ক্ষেত্ৰত কোভিড-১৯ সংক্ৰমণৰ সময়ত দেখা দিয়া বিভিন্ন সমস্যাৰ কখা অনুধাৱন কৰি দৃষ্টিয়ে মেক ইন ৰুৰেল ইণ্ডিয়া আচনিৰ অধীনত 'মিৰি মাৰ্কেট বাৰ্টাৰ' নামৰ সামগ্ৰী বিনিময়ৰ এক মবাইল এপ্লিকেচন মুকলি কৰিছে।

যাৰ দ্বাৰা কোনো ধৰণৰ নগদ লেন-দেন নোহোৱাকৈ সামগ্ৰী আদান প্ৰদান কৰিব পৰিব। দৃষ্টিৰ উদ্যোগত বুধবাৰে নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ চকলাঘাট গাঁৱৰ ৰাস মন্দিৰ প্ৰাংগনত অঞ্চলটোৰ শতাধিক লোকৰ উপস্থিতিত 'মিৰি মাৰ্কেট বাৰ্টাৰ' শীৰ্ষক সামগ্ৰী বিনিময়ৰ এই মোবাইল এপ্লিকেচনৰ শুভাৰম্ভ কৰা হয়।

দৃষ্টিৰ কাৰ্যকৰ্তা ৰণজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত দৃষ্টি ফাউণ্ডেশ্যনৰ উত্তৰ পূবৰ মূখ্য বিষয়া পৰাগধৰ কোঁৱৰ, দৃষ্টিৰ সহ প্ৰতিষ্ঠাপক নিটিন ঘচায়ত (Ghhachayat), দৃষ্টি নগাঁৱৰ কাৰ্যকৰ্তা মান্টু দাস, সমুদ্ৰ কুমাৰ বৰা, সুনিল বৰা, মন্টু বৰা, চকলাঘাট গাঁৱৰ গাঁওবুঢ়া মিলিক বৰাকে প্ৰমুখ্য কৰি শতাধিক লোক উপস্থিত থাকে। দৃষ্টিৰ এই পদক্ষেপক উপস্থিত গঞা ৰাইজে আদৰণি জনায়।