অসম

ডা: ৰিয়াজউদ্দিন আহমেদক ‘ৰাইজৰ দল’ৰ পৰা নিলম্বন…

asomiyapratidin

ডিজিটেল সংবাদ, নগাওঁ : ৰাইজৰ দলৰ নগাওঁ জিলা আহ্বায়ক সমিতিৰ সদস্য তথা ধিং বিধানসভা সমিষ্টিৰ বাসিন্দা ডা: ৰিয়াজউদ্দিন আহমেদক সংবিধান বিৰোধী কাৰ্যত জড়িত ৰাইজৰ দলৰ ভাৱমূৰ্তি বিনিষ্ট কৰাৰ কাৰনে ২২ তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাইজৰ দলৰ জিলা আহ্বায়কৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কললৈ নিলম্বিত কৰা হ'ল ।

উল্লেখ্য যে ধিং বিধান সভা সমষ্টি সমিতি গঠনৰ বাবে ৰাইজৰ দলে আয়োজন কৰা সাংগঠানিক সভাত সভা অনুষ্ঠিত হৈ থকাৰ সময়তে কৰিকল্পিত ভাবে একাংশ সমৰ্থক লগতলৈ সভাৰ পৰিবেশ বিনিষ্ট কৰাৰ উপৰিও মঞ্চত উপস্থিত থকা নদগাও জিলা সমিতিৰ সমন্বয়ক শ্ৰী নীলমনি শইকীয়াক শাৰিৰীক ভাৱে অপদষ্ট কৰাৰ বাবে ৰাইজৰ দলে ডা: ৰিয়াজউদ্দিন আহমেদক দলৰ পৰা নিলম্বন কৰে ।

ধিং বিধান সভা সমষ্টি সমিতি গঠনৰ উদ্দেশ্যে ইতিমধ্য়ে গঠিত আহ্বায়ক সমিতিখনো আজিৰ পৰা কাৰ্যকাৰী কৰাকৈ সম্পূৰ্ন ৰূপে ভংগ কৰা হয় । আচিফ ইকবাল চৌধুৰী, দুৰ্গেশ্বৰ দাস, ফাইজুৰ ৰহমানক ধিং সমষ্টিৰ আহ্বায়ক ৰূপে দায়িত্ব প্ৰদান কৰে ।