- জামিন পালে চিকিৎসক নৱনীল বৰুৱাই।
- তিনিদিনৰ জেৰাৰ অন্তত ডাঃ বৰুৱাক কৰা হৈছিল গ্ৰেপ্তাৰ।
- দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক।
- দিছপুৰ থানাৰ গোচৰত জামিন লাভ।
- মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণা-বেক্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ বৰুৱা।
- নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত জামিন দিয়া হৈছে ডাঃ নৱনীল বৰুৱাক।
- তদন্ত চলি থকা সময়চোৱাত নৱনীল বৰুৱাক আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত সহযোগিতাত আগবঢ়াব লাগিব।
- আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ'লেও তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।