অসম

কোৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ল ডাঃ দীপা ডেকা, শনিবাৰে পালেগৈ স্ব-গৃহ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সৈতে যুঁজি জয়ী হ'ল গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ডাঃ দীপা ডেকা। শনিবাৰে হাস্পতালৰ পৰা যাবলৈ দিয়া হ'ল কোৰোনাৰ যোদ্ধাগৰাকীক। ইফালে আন এগৰাকী মহিলা ৰোগীকো শনিবাৰে হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়।

উল্লেখ্য যে, কোৰোনাৰ ৰোগীৰ নমুনা সংগ্ৰহৰ দায়িত্বত আছিল ডাঃ ডেকা। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্য পালন কৰি আছিল। কোৰোনা পজিটিভ পোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল।

শেহতীয়াকৈ কৰা দুটা পৰীক্ষাত তেওঁক নিগেটিভ পোৱা যায়। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। উল্লেখ্য যে, অসমত শনিবাৰে ৰিলিজ দিয়া ২ কোৰোনাৰ ৰোগীৰ সৈতে অসমৰ আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫৭।