অসম

মাজুলীত ডাঃ বিক্ৰমজিৎ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি…

asomiyapratidin

ডিজিটেল সংবাদ, গড়মূৰঃ যোৱা ৮ ছেপ্টেম্বৰ লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা। অভিশপ্ত মা কমলাৰ এজন চিকিৎসক সন্ধানহীন হৈ আছিল।আজি ৭ দিনত ভৰি দিলে। মাজুলী আহতগুৰি পঞ্চায়তৰ দুৰ্গম ভেকেলী চাপৰিৰ কুমলীয়াত উদ্ধাৰ হ'ল সন্ধানহীন সু চিকিৎসক ডা: বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। নাৱৰীয়াই পুৱা প্ৰত্যক্ষ কৰে কলা চাৰ্ট আৰু জিনছ পৰিহিত এটা অচিনাক্ত মৃতদেহ মুখখন তলমূৰকৈ থকাৰ অৱস্থাত পত্যক্ষ কৰে মৃতদেহটো। পৰৱৰ্তী সময়ত নিমাতী এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ এটা দল উপস্থিত হয়। দক্ষিণ মাজুলী থানাৰো এটা দল দুৰ্গম ভেকেলী চাপৰিত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

পৰৱৰ্তী সময়ত নিমাতীঘাটত পৰিয়ালৰ লোকে হাতত থকা টেটু চাই নিশ্চিত কৰে সন্ধানহীন ডা: বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ বুলি। ইয়াৰ পাছতে বিগত ৭ বছৰৰো অধিক সময় চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা গড়মূৰ চিকিৎসালয়ত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। সু-চিকিৎসক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই মাজুলী গড়মূৰ চিভিল তিনিআলী ব্যৱসায় সন্থাই। সকলোৱে চিকিৎসালয়ৰ সন্মুখত বন্তী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। সকলোৱে হুকহুকাই কান্দি উঠে। তেখেত সকলে ওলাওতে সোমাওতে সদায় ডা: বিক্ৰমজিৎ বৰুৱাক দেখা পাইছিল। সকলোৰে অতি আপোন আছিল বৰুৱা । সেয়েহে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদাই জনায়। এইখন চিকিৎসালয়ত কোনো দিন নাহে এই সু-চিকিৎসক গৰাকী।