অসম

দৰঙৰ চিপাঝাৰত জঘন্য ঘটনা, ছোৱালী পলুৱাই নিয়াৰ বাবে লৰাৰ পিতৃক ৰাজহুৱা শাস্তি…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈঃ কলাইগাঁওৰ জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ দৰঙৰ চিপাঝাৰৰ কিৰাকাৰা চাপৰিত সংঘটিত হৈছে অন্য এক জঘন্য কাণ্ড । ছোৱালী পলুৱাই নিয়াৰ বাবেই ল'ৰাৰ পিতৃক দিলে দেৱানীয়ে বিহিলে ৰাজহুৱা শাস্তি । কিৰাকাৰা চাপৰিৰ স্থানীয় আজাদ আলীৰ পিতৃ আজমল হকক কেইবাজনো দেৱানীৰ নেতৃত্বত দুইখন হাত পিছফালে ৰচীৰে বান্ধি মাটিত বগৰাই বগৰাই মাৰপিট কৰাৰ দৃশ্যই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখে যোগ্য যে আজমল হকৰ পুত্ৰ আজাদ আলীয়ে কিছুদিন পূৰ্বে এগৰাকী ছোৱালীক পলুৱাই নি বিবাহ পাশত আৱদ্ধ হৈছিল।আজমলক নিজ পুত্ৰ আৰু পুত্ৰই পলুৱাই নিয়া ছোৱালী গৰাকীক উদ্ধাৰ কৰি দিবৰ বাবে দিছিল হেঁচা। কিন্তু বান্ধি দিয়া সময়ৰ ভিতৰৰ উদ্ধাৰ কৰি দিব নোৱাৰাৰ অপৰাধত এই অকথ্য নিৰ্যাতন চলাই আজমলৰ ওপৰত ৷

লোক জনৰ ওপৰত এই অকথ্য নিৰ্যাতন কৰা দেৱানী কেইজন হ'ল ক্ৰমে শ্বহীদ দেৱানী , সোনাৰ উদ্দিন দেৱানী ,ছাত্তাৰ দেৱানী ,ছোবাহান দেৱানী ,হজৰত দেৱানী ,মইনুল দেৱানী ,হজৰত দেৱানী আৰু ছামাদ চৌধুৰীৰ ইত্যাদি।লক্ষণীয় যে দেৱানী কেইজনে আজমলৰ পৰা ৩ লাখ টকা দাবী কৰিছিল আৰু আজমলৰ পৰিয়ালে ৫০ হাজাৰ টকা দিবলৈ সিদ্ধান্ত লৈছিল বুলি স্থানীয় এক সূত্ৰৰ পৰা গম পোৱা গৈছে । ছিপাঝাৰ আৰক্ষীক ঘটনাৰ সংক্ৰান্তৰ অভিযোগ দিয়া হৈছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।