অসম

জোনাইত দ:ঞি প:ল য়েলাম কেবাঙৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাই : দ:ঞি প:ল য়েলাম কেবাঙৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটিক আজি জোনাই মহকুমাৰ বিভিন্ন গাঁৱৰ গাংগিঙত স্বকীয় ধৰ্মীয় পৰম্পৰাৰ মাজেৰে পালন কৰা হয়। জোনাই মহকুমাৰ উজনি বিজয়পুৰ দ:ঞি প:ল য়েলাম কেবাঙৰ উদ্যোগত গাঁৱৰ গাংগিঙত দ:ঞি প:ল য়েলাম কেবাঙৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। এই উপলক্ষে আজি প্ৰথমতে পুৱাৰ ভাগতে সমূহীয়া চাফাই অভিযান আৰু শোভাযাত্ৰা পিছত দ:ঞি প:ল য়েলাম কেবাঙৰ পতাকা উত্তোলন কৰে উজনি বিজয়পুৰ য়েলাম কেবাঙৰ সভাপতি দণ্ডি পাদুনে।

পুৱা দহ বজাত হেমকান্ত মিলি আৰু গণেশ পেগুৰ নেতৃত্বত গাংগিং গৃহত সমজোৱা প্ৰাৰ্থনা অনুষ্ঠিত হোৱাৰ পিছত উজনি বিজয়পুৰ দ:ঞ প:ল য়েলাম কেবাঙৰ সভাপতি দণ্ডি পাদুনৰ পৌৰোহিত্যত ধৰ্মীয় মুকলি সভা অনুষ্ঠিত কৰা হয়। উজনি বিজয়পুৰ য়েলাম গাংগিং কেবাঙৰ সম্পাদক হলিৰাম মেদকে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত অ'এন জি চিৰ জ্যেষ্ঠ অভিযন্তা তথা বিশিষ্ট সমাজ সেৱক শান্তনু মেদকে কয়- বিজতৰীয়া ধৰ্মৰ আগ্ৰাসনৰ ফলত ১৯৮৬ চনৰ ৩১ ডিচেম্বৰত গলগি বত্তে তালম ৰুগবৰ নেতৃত্বত তানি বংশধৰ আদি-মিচিংসকলৰ স্বধৰ্ম ৰক্ষাৰ বাবে দ:ঞি প:ল য়েলাম কেবাঙৰ জন্ম হয়। লগতে তেওঁ দ:ঞি প:ল য়েলাম ধৰ্মই মিচিং আৰু তানি বংশধৰসকলৰ স্বধৰ্ম বুলি উল্লেখ কৰি দ:ঞি প:ল য়েলামে মিচিংসকলৰ পৰিচয় আৰু জাতীয়তা সুদৃঢ় কৰা বুলি মন্তব্য কৰি দ:ঞি প:ল য়েলাম কেবাঙৰ উদ্যোগত দ:ঞি প:ল ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰ কামনা কৰে।

ইপিনে পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৱে নিজৰ ভাষণত দ:ঞি প:ল ধৰ্মই মিচিংসকলৰ স্বকীয় কৃষ্টি-সংস্কৃতি, লোকাচাৰ, ধৰ্মীয় বিশ্বাসক বহন কৰি মিচিংসকলৰ স্ব-পৰিচয় ৰক্ষা কৰা বুলি মন্তব্য কৰে। সভাত দ:ঞি প:ল য়েলাম, অসম কমিটিৰ প্ৰাক্তন উপ-সভাপতি জন্মেশ্বৰ মেদকে স্বধৰ্মৰ প্ৰাসংগিকতা আৰু উত্তৰণৰ ভূমিকা উল্লেখ কৰি আবতানি গোষ্ঠীৰ মিচিং সকলৰো নিজস্ব ধৰ্ম, ভাষা ,কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু বিকাশ সাধনৰ ওপৰত গুৰুত্ব দি বক্তব্য প্ৰদান কৰে।

সভাত উজনি বিজয়পুৰ দ:ঞি প:ল য়েলাম কেবাঙৰ উপদেষ্টা জন্মেশ্বৰ মেদক, বিশিষ্ট নাগৰিক প্ৰবীণ দলে, উজনি বিজয়পুৰৰ গাম মোহন মেদক, কৃতিনাথ কুলি, দুতিৰাম পেগু, প্ৰফুল্ল পাতৰি, সুভৰাম টাঞ, ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ পাইত আদিয়ে উপস্থিত থাকি দ:ঞি প:ল য়েলামৰ প্ৰচাৰ-প্ৰসাৰৰ ওপৰত গুৰুত্ব দি বক্তব্য প্ৰদান কৰে। তদুপৰি আজি নামনি বিজয়পুৰ, পাংগিং দলুং, গালী মিগাং, চিকাৰী, লাইমেকুৰী, ৰামধন-দিখাৰী, বৈকুণ্ঠপুৰ, জামজিং, অন্নপুৰ, মিলনপুৰ, ৰাজাখানা, কেমি, জেলম আদি গাঁৱতদ:ঞি প:ল য়েলাম কেবাঙৰ প্ৰতিষ্ঠা দিৱস পালন কৰে।