অসম

আঁকোৰগোজ শিক্ষক ! পথ নিৰ্মাণৰ বাবে এৰি নিদিয়ে মাটি,ৰাইজে ল'লে এই সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচৰ : মানকাচৰৰ ঝাউডাঙাত এগৰাকী চৰকাৰী শিক্ষকসহ দুজন লোকে ৰাস্তাৰ বাবে মাটি এৰি নিদিয়াৰ বাবে তেওঁলোকৰ বিৰুদ্ধে গাওঁবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পথছোৱাত গাঁত খান্দি শিক্ষকগৰাকীৰ লগতে লোক দুজনৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ঝাউডাঙা তৃতীয় খণ্ড গাঁৱৰ মোজাফ্ফৰ হাউজৰ পৰা ৰেজাউল হাউজলৈ যোৱা পথটো দীৰ্ঘদিনে বিধস্ত হৈ থকাৰ ফলত সময়ে সময়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটো নিৰ্মাণৰ বাবে পঞ্চায়তৰ ফালৰ পৰা ৮ লাখ টকা আৱণ্টন দিয়া হৈছিল;কিন্তু গাঁৱখনৰ শিক্ষক নজৰুল ইছলাম আৰু ৰেজাউল কৰিম নামৰ লোকজনে পথৰ বাবে মাটি এৰি নিদিয়াত পথটোৰ কাম বন্ধ হৈ পৰিছে।

ইতিমধ্যে জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়াৰ ওচৰত বিষয়টো অৱগত কৰা হৈছে। কিন্তু শিক্ষক নজৰুল আৰু ৰেজাউল কৰিম নামৰ লোকজনে পথ নিৰ্মাণৰ বাবে মাটি এৰি নিদিয়াত পথটো নিৰ্মাণ কৰিব পৰা হোৱা নাই।

ঘটনাক লৈ গাঁৱবাসীয়ে পথটোত যাতায়ত বন্ধ কৰাৰ সিদ্ধান্ত লয়। ফলস্বৰূপে গাঁৱবাসী একত্ৰিত হৈ পথটোৰ মাজত পুখুৰীসদৃশ গাঁত খান্দি যাতায়ত বন্ধ কৰি দিয়ে। চৰকাৰে যেতিয়ালৈ পথটো নিৰ্মাণ কৰি নিদিব তেতিয়ালৈ এই পথটোত যাতায়ত বন্ধ থাকিব বুলি গাওঁবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে। ফলত গাঁৱখনৰ সহস্ৰাধিক লোক যাতায়াতত অসুবিধাৰ সন্মুখীন হৈছে।

লক্ষ্যণীয় যে, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি শিক্ষকজনৰ লগতে লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গাঁৱবাসীয়ে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।