অসম

অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী…

asomiyapratidin


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনা বিভীষিকাৰ মাজতে শুকুৰবাৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাটত "নাগৰিকত্ব সংশোধনী আইন" বাতিল আৰু কৃষক নেতা অখিল গগৈকে ধৰি বন্দী কৰি ৰখা কা' আন্দোলনকাৰী সকলক বিনা চৰ্তে মুক্তি কৰি দিয়াৰ দাবীত মৰিগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলৰ দাবী আগন্তুক দিনত চৰকাৰে অখিল গগৈক মুক্তি কৰি নিদিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব।

শুকুৰবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলাৰ সম্পাদক দেৱজিৎ পাটৰ, নগাঁও জিলাৰ হাতীযুঁজোৱা আঞ্চলিক সমিতিৰ সভাপতি ৰফিকুল ইছলাম , নগাঁও জিলাৰ কদমনি আঞ্চলিক সমিতিৰ সভাপতি ছফিকুল ইছলামকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।