অসম

হোজাইৰ ডবকাত পৰিতক্ত অৱস্থাত এখন বিলাসী বাহন উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,ডবকাঃ ডবকাৰ চহৰৰ মাজমজিয়াত থকা ৰাজহুৱা শশ্মানৰ সমীপত বুধবাৰে পুৱা পৰিতক্ত অৱস্থাত এখন বিলাসী গাড়ী উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা হুণ্ডাই ভাৰ্ণা গাড়ী খনৰ নম্বৰ AS02 U 4977 ৷

পুৱা স্থানীয় একাংশ লোকে গাড়ী খন পথৰ দাতিত পৰি থকা অৱস্থাত প্ৰত্যেক্ষ কৰি ডবকা আৰক্ষীক খবৰ দিয়ে ৷ ডবকা আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ গাড়ী খন ক্ৰেনেৰে থানালৈ লৈ যায় ৷

কোনো কি কাৰনত এনেদৰে পথৰ দাতিত গাড়ী খন পেলাই থৈ গল জানিব পৰা নাই ৷ কোনো লোকে নিশা দুৰ্ঘটনা সংঘটিত কৰি এনেদৰে গাড়ী খন পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷