অসম

ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চৰ্দ্দাৰ গাঁৱত বুধবাৰে নিশা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ইয়াকে লৈ সমগ্ৰ ডবকাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বাতৰি অনুসৰি বুধবাৰে বজাৰ কৰি নিশা ঘৰলৈ গৈ থকা অৱস্থাত একাংশ লোকে চৰ্দ্দাৰ গাঁৱত চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এটি মৃতদেহ পৰি থকা দেখা পায়৷

লগে লগে তেওঁলোকে স্থানীয় গাওঁৰক্ষী বাহিনীৰ লোক খবৰ দিয়ে ৷ গাওঁৰক্ষী বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ডবকা আৰক্ষীক খবৰ দিয়ে৷ খবৰ পোৱাৰ পাছতেই ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বনিয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৃতদেহটো উদ্ধাৰ কৰি ডবকা আৰক্ষী থানালৈ লৈ আনে৷ বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা মৃতদেহটোৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই ৷ ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।