অসম

দৰং জিলাৰ কাৰাগাৰত হাজোতী-কয়দীৰ মাজত ইউনিটি উই দ্যা ব্লাড ড’নাৰচ গোটৰ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সহস্ৰ জনক ৰক্তদান কৰি জীৱন দান দি অহা ইউনিটি উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপে বৃহস্পতি বাৰে মঙলদৈত এক ব্যতিক্ৰমী কাৰ্য্যসূচী ৰূপায়ন কৰে। মঙলদৈ চহৰত দ্ৰুত গতিত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তদাতা সংগঠনটোৱে মঙলদৈ জিলা কাৰাগাৰত উপস্থিত হৈ প্ৰদান কৰে দুই শতাধিক মাস্ক আৰু চেনিটাইজাৰ।

এই উপলক্ষে উপদেষ্টা গণেশ দত্তই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকদ্বয় ভাৰ্গব কুমাৰ দাস, হেমন্ত কুমাৰ বৰুৱা, ইউনিটিৰ উপদেষ্টা শেখৰ মজুমদাৰ, উপসভাপতি সুব্ৰত শীল, সদস্যদ্বয় নিত্যানন্দ গোস্বামী, ধ্ৰুৱজ্যোতি বৰা, ৰাতুল ডেকাই মাস্ক আৰু চেনিটাইজাৰ খিনি কাৰাগাৰৰ অধীক্ষক ৰঞ্জিত বুঢ়াগোঁহাই, কাৰাধ্যক্ষ প্ৰশান্ত ৰাজবংশী, সহকাৰী কাৰাধ্যক্ষ দিলীপ কুমাৰ বড়ো, কাৰাবন্দী অৰূপ কুমাৰ ডেকা আৰু ইলিয়াছ পূৰ্তিৰ হাতত তুলি দিয়ে।

ইতিমধ্যে ইউনিটিয়ে চহৰৰ পদপথত বাস কৰা লোককো মাস্ক বিতৰণ কৰি মহামাৰীৰ কোৰোনাৰ সজাগতাৰ চেষ্টা অব্যাহত ৰাখিছে। ইউনিটিৰ এনে পদক্ষেপক প্ৰশংসা কৰি অধীক্ষক ৰঞ্জিত বুঢ়াগোহাঁইয়ে কয় যে, যি সময়ত কাৰাগাৰৰ বাহিৰত থকা অধিকাংশ মানুহে কাৰাবন্দী সকলৰ কথা নাভাবে, ঠিক তেনে সময়তে ৰক্তদাতা এই ইউনিটি গোটে আগবাঢ়ি আহি সামগ্ৰীখিনি আমাৰ হাতত তুলি দিয়াটো এক অনন্য কাৰ্য্য। এনে কাৰ্যই কাৰাবন্দী সকলৰ মনত এক ইতিবাচক প্ৰভাৱ পেলাব।

উপদেষ্টা শেখৰ মজুমদাৰে মানৱতাবাদী ব্যক্তি ৰমেশ চন্দ্ৰ ঘোষ, সন্তোষ আগৰৱালা, অনিমেষ ঘোষ, ৰাজীৱ সাহা, পুলকেশ ডেকা, প্ৰাণজিৎ ডেকা আদিৰ সহযোগত এনেদৰে কাৰাবন্দী সকলক অলপ মৰম দিবলৈ সুযোগ পাই নথৈ আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে, বৰ্তমান ১৪৫ জন কাৰাবন্দী থকা জিলা কাৰাগাৰত বিগত বছৰত ৭৯ জন কোৰোনাত আক্ৰান্ত হৈছিল। অৱশ্যে এইবাৰ এতিয়ালৈ এজনো আক্ৰান্ত হোৱা নাই।