অসম

মানকাচৰ শিক্ষাখণ্ডৰ অধীনত থকা ১৪৫ টা প্ৰাদেশীকৃত বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ শিক্ষাখণ্ডৰ অধীনত থকা মুঠ ১৪৫ খন প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষাৰ্থী সকলৰ বাবে আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।

উল্লেখ্য যে, জিলাৰ সদৰ হাটশিঙিমাৰীস্থ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ মুঠ ৩৯৫ খন বিদ্যালয়ৰ ভিতৰত ১১২ খন এল পি আৰু ৪২ খন এম ই স্কুল সহ মুঠ ১৪৫ খন প্ৰাদেশীকৃত বিদ্যালয়ত বিনামূলীয়া পাঠপুথি বিতৰণ কৰা হয়। শিক্ষা খণ্ডৰ অধীনত মুঠ ২৯৩ খন এল পি, ৪২ খন এম ই স্কুল সহ মুঠ ৩৩৫ খন প্ৰাদেশীকৃত বিদ্যালয় আছে। বাকী থকা আন ২৫০ খন বিদ্যালয়ত অহা ১০ এপ্ৰিলৰ ভিতৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহন কৰা হৈছে।

আনহাতে, শিক্ষাখণ্ড খনৰ অধীনত ২৫ খন এল পি আৰু ১৯ খন এম ই স্কুল সহ মুঠ ৪৪ খন বিদ্যালয় নতুনকৈ প্ৰাদেশীকৰণ হৈছে। তদুপৰি ৫৪ খন এল পি আৰু ৬০ খন এম ই স্কুল সহ মুঠ ১১৪ খন অপ্ৰাদেশীকৃত বিদ্যালয়ও শিক্ষাখণ্ড খনৰ অধীনস্থ । প্ৰাদেশীকৃত বিদ্যালয় কেইখনত পাঠ্যপুথি বিতৰণ হোৱাৰ পাছতে নতুনকৈ প্ৰাদেশীকৃত হোৱা বিদ্যালয় আৰু অপ্ৰাদেশীকৃত বিদ্যালয় কেইখনতো বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হ'ব । ক (প্ৰথম) শ্ৰেনীৰ পৰা অষ্টম শ্ৰেনীলৈ মুঠ ৬১৭৬০ জন শিক্ষাৰ্থীক এইবাৰ ২০২১-২২ শিক্ষা বৰ্ষৰ অধীনত এইদৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হব বুলি মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ড০ আনিছুৰ ৰহমান জানিবলৈ দিয়ে।