অসম

দিছপুৰ প্ৰেছ ক্লাবৰ বিভিন্ন শিতানৰ বঁটা ঘোষণাঃ অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ ‘সম্পাদক বঁটা ২০২১’…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে স্থগিত ৰখা দিছপুৰ প্ৰেছ ক্লাবৰ বঁটা প্ৰদান অনুষ্ঠানটি অহা ৩ অক্টোবৰ, ২০২১ তাৰিখ, দেওবাৰে লাষ্টগেটস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বাবে নিৰ্বাচিত কৰি দিছপুৰ প্ৰেছ ক্লাবে ২০২১ বৰ্ষৰ বাবে ঘোষণা কৰা বঁটা সমূহ উক্ত দিনা কৰা হ'ব প্ৰদান। দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক প্ৰেছ বিবৃতি যোগে বুধবাৰে প্ৰেছ ক্লাবৰ বঁটা সমূহ ঘোষণা কৰে-

ঘোষিত বঁটা সমূহ ক্ৰমে-

১ /  বিশিষ্ট সাহিত্যিক , সাংবাদিক ,  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকালৈ "জীৱনজোৰা সাধনা বঁটা" ২০২১

২/ বিশিষ্ট সাংবাদিক , অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ "সম্পাদক বঁটা" ২০২১

৩/ বিশিষ্ট ফটো সাংবাদিক (দৈনিক জনমভূমি) ৰেৱ কুমাৰ বৰালৈ "ফটো সাংবাদিকতা বঁটা" ২০২১

৪/ জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাৰ সভাপতি, বিশিষ্ট সাংবাদিক (নিউজ লাইভ) অভিদ্বীপ চৌধুৰীলৈ "সাংবাদিক সংগঠক কল্যাণ বঁটা" ২০২১

৫/ ডি ৱাই ৩৬৫ৰ ছিনিয়ৰ নিউজ এংকৰ মনিষা বৰুৱালৈ "নিউজ এংকৰ বঁটা" ২০২১

৬/ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন সাংবাদিক নৱজিৎ পাটগিৰীলৈ "সংবাদ বান্ধৱ বঁটা" ২০২১

৭ / অসমীয়া বোলছবি , ভিডিঅ' এলবামৰ, ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ "অভিনেত্ৰী বঁটা"  ২০২১

৮/ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকালৈ "উদীয়মান কণ্ঠশিল্পী বঁটা " ২০২১

৯/ অসমীয়া বোলছবি , টিভি চেনেলৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্বাৰ্থ শৰ্মালৈ "অভিনেতা বঁটা "২০২১

১০/গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডা: ৰক্তিম প্ৰতীম তামুলীলৈ "জীৱন সঞ্জীৱনি বঁটা" ২০২১

১১/ যুৱ উদ্যোগী চিবচান্দ হাতিবৰুৱালৈ "উদ্যোগী বঁটা" ২০২১

১২/ অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইলৈ "যুৱ ৰাজনীতিক বঁটা" ২০২১

১৩/ সাহিত্য , সংস্কৃতি ৰাজনৈতিক ক্ষেত্ৰৰ উদ্যমী যুৱক ড° সঞ্জু বৰুৱালৈ "জাগ্ৰত যুৱ বঁটা" ২০২১

১৪/ বিশিষ্ট সমাজসেৱক , পৰিবহন বিষয়া হিমাংশু দাসলৈ "জনসেৱা বঁটা " ২০২১

১৫/ বিশিষ্ট লেখক , সমাজসেৱক , অৱসৰপ্ৰাপ্ত বিষয়া নৱ ডেকা বৰালৈ "সমাজহৈতিষী বঁটা" ২০২১

১৬/ জনগোষ্ঠীয় নেতা গোকুল বৰ্মনলৈ "যুৱ বন্ধু বঁটা" ২০২১

১৭/ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈলৈ "সাহসী বঁটা " ২০২১

১৮/ ক্ষুদ্ৰ চাহ খেতিয়ক  তথা মানৱ দৰদী ব্যক্তি কৃষ্ণ শৰ্মালৈ  "মানৱ সেৱা বঁটা" ২০২১

১৯/ সাংবাদিক –  শিক্ষাবিদ তথা সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকালৈ "যুৱ সমাজকৰ্মী বঁটা" ২০২১