অসম

'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক মুকলি আলোচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া মানুহে কিতাপ নপঢ়ে। অসমীয়া কিতাপৰ নাই এখন ভাল বজাৰ। প্ৰকাশকসকলে প্ৰায়েই অভিযোগ কৰে বিক্ৰী নহয় অসমীয়া কিতাপ। কিমান সঁচা সেই অভিযোগ।

প্ৰতিবছৰে বিভিন্নস্থানত আয়োজন কৰা হয় গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ বতৰত উদ্যোক্তাসকলে কয় লাখ লাখ টকাৰ কিতাপ বিক্ৰী হয়। কোনটো কথা সঁচা। এই সন্দৰ্ভত আয়োজন কৰা হৈছে এক মুকলি আলোচনা।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এই মুকলি আলোচনাত কেইবাগৰাকীও নবীন লেখক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক লব অংশগ্ৰহণ। ৩ জানুৱাৰীত আয়োজন কৰা এই অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপচাৰ্য তথা বিশিষ্ট লেখক-চিন্তাবিদ দীনেশ বৈশ্য, দৈনিক অসম কাকতৰ সম্পাদক ড০ হিতেশ ডেকা, অৱনী বৰগোঁহাইয়ে।

ইয়াৰোপৰি এই আলোচনাত অংশ গ্ৰহণ কৰিব এনডি-২৪ ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা, অসমীয়া গ্ৰন্থক লৈ নতুন চিন্তা কৰা প্ৰশান্ত বৰা, প্ৰতিষ্ঠিত লেখক-গল্পকাৰ টুনুজ্যোতি গগৈ, বিশিষ্ট লেখিকা পাপৰি সৌকাধাৰা বৰঠাকুৰ আদিয়ে।