অসম

সমগ্ৰ বিশ্বৰ লগতে ঘিলামৰাতো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এই পৃথিৱীত সকলোৰে সম অধিকাৰ, সম মৰ্যদাৰে জীয়াই থকাৰ অধিকাৰ আছে। সমাজৰ বাকী সকলৰ দৰেই বিশেষ ভাবে সক্ষম সকলৰো এই পৃথিৱীত আছে একেই অধিকাৰ।

কিন্তু বহু ক্ষেত্ৰত যেন তেওঁলোক বঞ্চিত হব লগা হৈছে নানা সা-সুবিধাৰ পৰা। যাৰ বাবেই বিশ্বই তেওঁলোকৰ অধিকাৰৰ বাবে মাত মতাৰ উদ্দেশ্য আজি আয়োজন কৰি আহিছে "বিশ্ব প্ৰতিবন্ধী দিৱস"।
সেয়ে অন্য প্ৰান্তৰ লগতে বিশ্ব প্ৰতিবন্ধী দিৱস মঙলবাৰে ঢকুৱাখনাৰ বৰদলনি (ঘিলামৰা) শিক্ষা খণ্ডৰ উদ্যোগত ৩২১ নং টেঙা-আম চাপৰি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয়।

পুৱা পতকা উত্তোলনৰ উপৰিও ঘিলামৰা ৰাজপথত বিশেষভাৱে সক্ষম লৰা ছোৱালীক লৈ এক সমদল উলিওৱা হয় | সমদলৰ জৰিয়তে সমাজৰ মাজত বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত সমদৃষ্টি প্ৰদানৰ অৰ্থে জন সচেতনতা সৃষ্টিৰ বিশেষ বাৰ্তা দিয়ে ছাত্ৰ ছাত্ৰী সকলে।

তাৰ উপৰিও চিত্রাঙ্কণ প্ৰতিযোগিতা , সাহিত্য ,সাংস্কৃতিক আৰু ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ সুযোগ দিয়ে উদ্যোক্তা সকলে। মুকলি সভাত ঘিলামৰা অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা সকলক বঁটা প্ৰদান কৰে।