অসম

চতিয়াৰ ডিপলোঙা কাণ্ড, মূল অভিযুক্তক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বৃহস্পতিবাৰে পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। উক্ত ঘটনাৰ মুল অভিযুক্ত তুলসী পাটৰ (নগা)ক চতিয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে।

চতিয়া থানাৰ অ' চি মনোজ বৰুৱাৰ নেতৃত্বত যোৱা দল এটাই তুলসীক গ্ৰেপ্তাৰ কৰে পাটৰবস্তিৰপৰা। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা আন চাৰিজন অভিযুক্ত তুফান মুণ্ডা, শংকৰ মুণ্ডা,  প্ৰণৱ টুৰি আৰু দীপেন্দ্ৰ পাটৰৰ স্বীকাৰোক্তি আৰু আৰক্ষীৰ তদন্তত তুলসী পাটৰ উক্ত নাৰকীয় ঘটনাটোৰ প্ৰধান অভিযুক্ত বুলি চতিয়া আৰক্ষীয়ে চিহ্নিত কৰিছে।

তুলসী ওৰফে নগাক চতিয়া থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এতিয়ালৈকে এই ঘটনাৰ সৈতে জড়িত মুঠ ১২জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে সাতজনক আদালতে বিশ্বনাথ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

আজি গ্ৰেপ্তাৰ কৰা তুলসী পাটৰৰ পৰা আৰক্ষীয়ে এই হত্যাকাণ্ডত ব্যৱহৃত এখন দা উদ্ধাৰ কৰিছে। এই দাখনেৰে আক্ৰমণ কৰি তুলসীয়ে হত্যা কৰিছিল দেৱেন ৰাজবংশীক।