ডিজিটেল ডেস্কঃ কুকিলকন্ঠী গায়িকা দিপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ২০১৮ চনৰ ২১ ডিচেম্বৰতে গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিছিল দিপালী বৰঠাকুৰে। প্ৰায় ১ সপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাছত সমগ্ৰ অসমবাসীক কন্দুৱাই চিৰদিনলৈ গুচি গৈছিল 'অসমৰ নাইটিংগেল' খ্যাত কুকিলকন্ঠী শিল্পীগৰাকী।
দিপালী বৰঠাকুৰৰ জীৱন পঞ্জীঃ
- জন্ম- ১৯৪১ চনৰ ৩০ জানুৱাৰী
- মৃত্যু- ২০১৮ৰ ২১ ডিচেম্বৰ
- জন্মস্থান- নীলমণি চাহ বাগিচা
- পিতৃৰ নাম- বিশ্বনাথ বৰঠাকুৰ
- মাতৃৰ নাম- আইমণি বৰঠাকুৰ
- ১৯৪৭ চনত প্ৰথম গায়িকা ৰূপে আত্মপ্ৰকাশ।
- মইনা মেলৰ জৰিয়তে গায়িকা ৰূপে আত্মপ্ৰকাশ কৰিছিল দিপালী বৰঠাকুৰে।
- ১৯৫৬ চনত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা সংগীত প্ৰতিযোগীতাত শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপ লাভ।
- অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল দিপালী বৰঠাকুৰ।
- ১৯৫৯ চনত ভোগালী নামৰ সংগীতালক্ষ্যত গীত পৰিৱেশন কৰিছিল দিপালি বৰঠাকুৰে।
- ৫০ দশকত লতাশিলৰ বিহুতলীত গীত পৰিৱেশন কৰিছিল দিপালী বৰঠাকুৰে।
- ১৯৬৮ চনত ২৭ বসছৰ বয়সত ধৰা পৰিছিল তেওঁৰ মটৰ-নিউৰণ ৰোগ।
- বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ১৯৭৬ চনত।
- ১৯৯৮ চনত পদ্মশ্ৰী সন্মান যঁচা হৈচিল দিপালী বৰঠাকুৰক।