অসম

বৰবায়ন-শিল্পী দিনেশ্বৰ শইকীয়াৰ বিয়োগ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰবা সমষ্টিৰ ভালুকমাৰী গাৱৰ শিল্পী দিনেশ্বৰ শইকীয়াৰ শুকুৰবাৰে নিজ বাসগৃহতে বিয়োগ হয়। অক্লান্ত সমাজ কৰ্মী দিনেশ্বৰ শইকীয়াই ১০০খনৰো অধিক ভাওনাত খোলবাদনৰ জৰিয়তে আৰু অভিনয়ৰ মাধ্যমেৰে ৰাইজৰ মন জয় কৰি সমাদৰ লাভ কৰিছিল।

৭৭ বছৰ বয়সীয়া শইকীয়া বিগত তিনি বছৰ মানৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতে তেখেতে পত্নী, এজন পুত্ৰ, তিনিগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত গাওঁবাসীৰ লগতে অঞ্চলটোৰ বিভিন্ন জনে গভীৰ শোকপ্ৰকাশ কৰিছে।