অসম

পাৰ্বত্য জিলা বন্ধ প্ৰত্যাহাৰ, ডিমাহাচাওক ২ জিলাত বিভক্ত কৰা সন্দৰ্ভত আইপিএফৰে আলোচনাত বহিব চৰকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইণ্ডিজেনাছ পিপলছ ফ'ৰামে ১১ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ কাচাৰ পাৰ্বত্য জিলা দুখন জিলাত বিভক্ত কৰাৰ দাবীৰে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰ কৰিছে। সংগঠনটোৰ দাবী সন্দৰ্ভত চৰকাৰ আলোচনাত বহাৰ প্ৰস্তাৱ দিয়াৰ লগতে চলিত উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত উক্ত বন্ধ প্ৰত্যাহাৰৰ কথা সংগঠনটোৱে ঘোষণা কৰাত পৰীক্ষাৰ্থীসকলে সকাহ পাইছে।

ইফালে, বন্ধপ্ৰত্যাহাৰৰ কথা ঘোষণা কৰিলেও, মঙলবাৰে নিশাও হাফলঙৰ দুঠাইত ঘৰ আৰু দোকানদুৰ্বৃত্তই জ্বলাই দিয়া ঘটনাই জিলাখনৰ ৰাইজক পুনৰ আতংকিত কৰি তুলিছে। কিয়নোইতিপূৰ্বেও ডিমাচা অনাডিমাচাৰ মাজত এনে সংঘাতৰ সৃষ্টি হৈছিল যাৰ ফলত কেইবা শ লোকৰঘৰ ভস্মীভূত হোৱাৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

মঙলবাৰে নিশা আপাৰ বাগেটাৰ নামৰ হাফলং চহৰৰ সমীপৱৰ্তী এলেকাটোত এটা ঘৰ জ্বলাই দিয়াৰ উপৰিও নতুন কুনজুং ৰাম এলেকাত দুখন দোকানো দুৰ্বৃত্তই জ্বলাই দিয়ে। বহুতে এয়া আইপিএফৰ সমৰ্থকৰ কুটাঘাত বুলিও অভিযোগ তুলিছে। এনে পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱ্স্থা অধিক কটকটীয়া কৰাৰ বাবে পাৰ্বত্য জিলাখনৰ বিভিন্ন সংগঠনে চৰকাৰক দাবী জনাইছে।

আনহাতে, মঙলবাৰে বন্ধৰ সময়ত আৰক্ষীৰ লাঠিচালনা আৰু বন্ধ সমৰ্থকৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হোৱা লোকসকলক বুধবাৰে ডিমাচাসকলৰ এপেক্স বডী জাদিশে নাইছ'হছমৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়। সংগঠনটোৱে সকলোকে শান্তি-সম্প্ৰীতি বজাই চলিবলৈ আহ্বান জনায়।