অসম

ডিমা হাছাওত সদ্য নিৰ্বাচিত এমএচিৰ আক্ৰমণত আহত স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠাতাৰ নাতি

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিমা হাছাও স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নিৰংকূশ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পিছত এইবাৰ বিজেপিৰ নেতা-পালিনেতা নামি পৰিছে সদ্য সমাপ্ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা ব্যক্তি সকলৰ আক্ৰমণত। এনে আক্ৰমণৰ পৰা সাৰি যোৱা নাই পাৰ্বত্য জিলাখনৰ স্বায়ত্ব শাসনৰ প্ৰতিষ্ঠাতাৰূপে পৰিগণিত হোৱা ভূতপূৰ্ব বিধায়ক প্ৰয়াত হামধন মহণ হাফলংবাৰৰ নাতি কুণ্ডন হাফলংবাৰো।

উল্লেখ যোগ্য যে, দেওবাৰে ডিমাছা সকলৰ ভোগালি উৎসৱ বুচু ডিমা উপলক্ষ্যে হাৰাংগাজাওৰ ৰঙপুৰ গাৱত আয়োজিত অনুষ্ঠান উপভোগ কৰি ঘৰলৈ উভতিবলৈ লওতেই কুণ্ডনক শেহতীয়া নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা আমেন্দু হোজাইয়ে চোকা অস্ত্ৰৰে আঘাট কৰি গুৰুতৰভাৱে আহত কৰে। এই সন্দৰ্ভত ইতিমধ্যে হাৰাংগাজাও থানাত এজাহাৰ দিয়া হৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।