অসম

ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ডিমা হাচাও স্বায়ত্ত শাসিত নিৰ্বাচনৰ সৰ্ম্পকত গুৱাহাটী উচ্চ ন্যায়লয়ে সোমবাৰে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। তিনিমাহৰ পূ্ৰ্বেই কাৰ্যকাল শেষ হোৱা পৰিষদখন পুনৰ গঠনৰ বাবে অহা ৩ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, নিৰ্বাচন পলম হোৱাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল প্ৰাক্তন কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰ। ন্যায়ালয়ে চৰকাৰী আৰু গোচৰীয়া পক্ষৰ ভাষ্য গ্ৰহণৰ পাছত অহা ৩ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।