অসম

বিশ্বনাথত কংগ্ৰেছৰ মান ৰাখিলে গঁড় হত্যাত অভিযুক্ত দিলোৱাৰে

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ বিধান সভাৰ অন্তৰ্গত চোৱাগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিলোৱাৰ হুছেইনে ২০০ৰো অধিক ভোটৰ ব্যৱধানত বিজেপি দলৰ মনোনীত প্ৰাৰ্থীক পৰাভূত কৰে৷

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সময়ছোৱাত দিলোৱাৰ হুছেইনৰ বিৰূদ্ধে উত্থাপন হৈছে গঁড় হত্যাৰ লগত জড়িত থকাৰ তথ্যসহ অভিযোগ৷ ইপিনে, চৌদিশে ইয়াৰ প্ৰতিক্ৰিয়া হোৱাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিশ্বনাথ জিলা উপাযুক্তক লিখিতভাৱে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ বাবে আৱেদন জনাইছিল৷

অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ গৃহ জিলাত মান ৰক্ষা কৰিলে প্ৰাৰ্থীত্ব খাৰিজৰ বাবে পৰিকল্পনা কৰা গঁড় হত্যাৰ অভিযোগত অভিযুক্ত বিতৰ্কিত দিলোৱাৰে।